/asomiyapratidin/media/media_files/2025/09/14/342-2025-09-14-09-26-15.jpg)
ডিজিটেল ডেস্ক : পেহেলগাম আক্ৰমণৰ প্ৰভাৱ পৰিছে ভাৰত- পাকিস্তানৰ অনুষ্ঠিতব্য মেচত। চলিত এছিয়া কাপত আজি অৱতীৰ্ণ হ’ব দুই মহাশক্তি ভাৰত আৰু পাকিস্তান।
সাধাৰণতে ভাৰত- পাকিস্তানৰ মেচ বুলি ক’লে যি উত্তেজনা থাকে এইবাৰ যেন সেই উত্তেজনাই বিৰাজ কৰা নাই দৰ্শকৰ মাজত। জানিব পৰা অনুসৰি বিক্ৰী হোৱা নাই আজি মেচখনৰ সৰহসংখ্যক টিকট। ডুবাইত যদিও আছে উত্তাপ, নাই কিন্তু উত্তেজনা।
তথাপি সন্ধিয়া ৮-০০ বজাত অনুষ্ঠিত হ’ব ভাৰত- পাকৰ মহাৰণ। ইতিমধ্যে পাকিস্তান বধৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন টীম ইণ্ডিয়াই। বলিং শক্তিৰে চহকী পাকিস্তানক প্ৰহাৰ কৰাই এতিয়া মূল লক্ষ্য ভাৰতীয় বেটাৰসকলৰ।
আনহাতে প্ৰতিপক্ষ পাকিস্তানেও ৰচনা কৰিছে ভাৰতক প্ৰতিহত কৰৰা মন্ত্ৰ। বলাৰসকলে ভাৰতীয় বেটাৰক সোনকালে পেভিলিয়নৰ বাট দেখুওৱাৰ বাবে প্ৰস্তুত কৰিছে সুকীয়া সুকীয়া ৰণনীতি।