/asomiyapratidin/media/media_files/2025/09/09/293-2025-09-09-18-37-42.jpg)
ডিজিটেল ডেস্ক : আৰম্ভ হৈছে প্ৰহৰ গণনা। ৯ ছেপ্তেম্বৰ ২০২৫ৰ মঙলবাৰে সন্ধিয়া ৮-০০ বজাৰ লগে লগে পিটছত পৰিব প্ৰথমটো বল। আৰু এনেদৰে শুভাৰম্ভ হ’ব ২০২৫ বৰ্ষৰ এছিয়া কাপৰ।
এই উদ্বোধনী মেচখনত ভাগ ল’ব হংকং আৰু আফগানিস্তানে। ইতিমধ্যে উভয় দলে আজিৰ মেচখনৰ বাবে নিজকে সাজু কৰি তুলিছে। প্ৰস্তুত কৰিছে সুকীয়া সুকীয়া ৰণনীতি।
উল্লেখযোগ্য যে, এতিয়ালৈকে উভয় দলে ৫খন আন্তৰ্জাতিক মেচচ অৱতীৰ্ণ হৈছে। ইয়াৰে ৩খন মেচত আফগানিস্তান বিজয়ী হোৱাৰ লগতে হংকঙে মাত্ৰ ২খন মেচত জয়ী হৈছিল।
অৱশ্যে ইয়াৰ পাছত উভয়ে দলে কোনো আন্তৰ্জাতিক মেচত অৱতীৰ্ণ হোৱা নাই যদিও আজি এছিয়া কাপৰ জৰিয়তে পুনৰ মুখামুখি হ’ব খেলপথাৰত। গতিকে তুলনামূকভাৱে আফগানিস্তান শক্তিশালী যদিও সুযোগৰ সদ্ব্যৱহাৰত ২২ গজত অৱতীৰ্ণ হ’ব ক্ৰিকেটৰ শিশু হংকং।