এছিয়া বুক অফ ৰেকৰ্ডচ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডচত নাম অন্তভূৰ্ক্ত মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ...

চৰকাৰী সংস্থা হিচাপে গোগামুখস্থিত মিছিং স্বায়ত্ত্বশাসিত পৰিষদে বৃহৎ সংখ্যক  হেয়াৰ টেক্‌নিচিয়ানৰ প্ৰশিক্ষণ প্ৰদান কৰি  লাভ কৰিলে ASIA BOOK OF RECORDS আৰু

author-image
Asomiya Pratidin
New Update
ikkkdd

ডিজিটেল সংবাদ ,ধেমাজিঃ  চৰকাৰী সংস্থা হিচাপে গোগামুখস্থিত মিছিং স্বায়ত্ত্বশাসিত পৰিষদে বৃহৎ সংখ্যক  হেয়াৰ টেক্‌নিচিয়ানৰ প্ৰশিক্ষণ প্ৰদান কৰি  লাভ কৰিলে ASIA BOOK OF RECORDS আৰু INDIA BOOK OF RECORDS ৰ আনুষ্ঠানিক প্ৰমাণপত্ৰ ।

শনিবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে গোগামুখত অনুষ্ঠিত হোৱা স্বীকৃতি প্ৰদান অনুষ্ঠানত উপস্থিত থাকে  ASIA BOOK OF RECORDS ৰ প্ৰতিনিধি সঞ্জয় ভোলাই , লখিমপুৰ লোক সভাৰ  সাংসদ প্ৰদান বৰুৱা,জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু, মাজুলীৰ বিধায়ক ভূৱন গ্ৰাম, ঢকুৱাখনা বিধায়ক নৱ দলে, টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তিলক দলে , ধেমাজি আৰু লখিমপুৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক দ্বয় হিতেশ চন্দ্ৰ ৰায় আৰু গুনেন্দ্ৰ নাথ ডেকা, মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ  অধ্যক্ষ সুনীল কুমাৰ পেগুৰ উপস্থিতিত মিছিং  স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ হাতত তুলি দিলে আনুষ্ঠানিক প্ৰমাণপত্ৰ কপি ৷

উল্লেখ্য যে মিছিং স্বায়ত্ত্বশাসিত পৰিষদে জীৱন জীৱিকা আচঁনিৰ অধীনত দক্ষতা বিকাশৰ জৰিয়তে সংস্থাপিত কৰিবলৈ দুই শতাধিক নিৱনুৱা যুৱকক প্ৰদান কৰিছিল আনুষ্ঠানিক চুলি কটাৰ প্ৰশিক্ষণ । প্ৰশিক্ষণ লাভ কৰাৰ পিছতেই যুৱক সকলে নিজ নিজ অঞ্চলৰ লগতে বহি: ৰাজ্যত গৈয়ো স্বাৱলম্বী হৈ উঠা পৰিলক্ষিত হৈছে ৷

গোগামুখ