কৰ্মক্ষেত্ৰত মহিলাৰ শোষণৰ প্ৰতি শূন্য সহনশীল অভিযান আৰম্ভ অশ্বনী কুমাৰৰ...

ভাতৃ-ভগ্নী সম্বন্ধৰ পৰা প্ৰেৰণা লৈ প্ৰতিগৰাকী মহিলাৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰি শূন্য সহনশীলতা নীতি গ্ৰহণ কৰা এখন কৰ্মক্ষেত্ৰৰ প্ৰসাৰৰ বাবে এক অভিযান আৰম্ভ...

author-image
Asomiya Pratidin
New Update
web ap raakhi (2)

ডিজিটেল ডেস্কঃ  অসম চৰকাৰৰ তথ্য প্ৰযুক্তি, বৈদ্যুতিন আৰু যোগাযোগ বিভাগৰ সঞ্চালক আই এ এছ অশ্বিনী কুমাৰে মহিলাৰ সুৰক্ষাৰ বাবে এক নতুন পদক্ষেপ হাতত লৈছে। মহিলা শোষণৰ বিৰোধিতাৰে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰা এখন কৰ্মক্ষেত্ৰৰ প্ৰসাৰৰ বাবে এক অভিযান আৰম্ভ কৰাৰ কথা প্ৰকাশ কৰে অশ্বিনী কুমাৰে।

এনে পদক্ষেপৰ ফলস্বৰূপে কৰ্মক্ষেত্ৰত প্ৰতিগৰাকী মহিলাই নিঃসংকোচে মাত মতাৰ লগতে নিৰাপদ, মূল্যৱান আৰু আত্মবিশ্বাসী অনুভৱ কৰিব। ভাতৃ-ভগ্নী সম্বন্ধৰ পৰা প্ৰেৰণা লৈ প্ৰতিগৰাকী মহিলাৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰি এই অভিযানৰ কথা উল্লেখ কৰে আই এ এছ কুমাৰে।

উল্লেখ কৰা প্ৰয়োজন যে, ৯ আগষ্টত DITEC ৰ কাৰ্যালয়ত ১১ গৰাকী মহিলা কৰ্মচাৰীয়ে অশ্বিনী কুমাৰক ৰাখী বান্ধি ৰক্ষা বন্ধন উদযাপন কৰে। ইয়াৰ পাছতে মহিলাৰ সুৰক্ষাৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰি কাৰ্যালয়ত মহিলা শোষণৰ বিৰোধিতাৰে এক অভিযান আৰম্ভ কৰাৰ কথা উল্লেখ কৰে শ্ৰী কুমাৰে।

লক্ষ্যণীয় যে, ২০২৩ চনৰ এক ৰাষ্ট্ৰীয় সমীক্ষাত বিভিন্ন খণ্ডত কৰ্মৰত মহিলাসকলে সন্মুখীন হোৱা হাৰাশাস্তি আৰু সমস্যাৰ পৰিসংখ্যা প্ৰকাশ পাইছে। অশ্বিনী কুমাৰে কয় যে, মহিলা সকলে নিসংকোচে ইয়াৰ বিৰোধিতা কৰিব নোৱাৰৰ ফলতে এনে ঘটনা প্ৰতিবাৰে সংঘটিত হৈ আহিছে। মৌনতাই নিৰ্যাতনৰ পোষকতা কৰে।

পৰ্যবেক্ষক সকলে লগতে কয় যে, বিভিন্ন জ্যেষ্ঠ আমোলাৰ কাৰ্যালয়তো সৌজন্যতাৰ অভাৱ আৰু মহিলাৰ প্ৰতি অপমানজনক ভাষাৰ ব্যৱহাৰ এতিয়াও অব্যাহত আছে। উল্লেখযোগ্য যে, অশ্বিনী কুমাৰে কাৰ্যালয়সমূহক "দ্বিতীয় ঘৰ" হিচাপে গঢ়ি তোলাৰ পোষকতা কৰে, যাতে মৰ্যাদাৰ হানি নোহোৱাকৈ মহিলাসকল সন্মানেৰে কৰ্মক্ষেত্ৰত আগুৱাই যাব পাৰে।

মহিলা সৱলীকৰণ