ধুবুৰীত ২৫ মাৰ্চৰ পৰা অষ্টমী স্নান, ২৬ মাৰ্চৰ পৰা ১৫ দিনীয়া অশোকাষ্টমী মেলা

ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত অনুষ্ঠিত হ’বলগীয়া এই ধৰ্মীয় অনুষ্ঠানৰ লগত সংগতি ৰাখি ধুবুৰী জিলা প্ৰশাসন আৰু ধুবুৰী অশোকাষ্টমী মেলা কমিটীয়ে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে।

author-image
Asomiya Pratidin
New Update
dsdsds

ডিজিটেল সংবাদ, ধুবুৰীঃ অহা ২৫ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া পৱিত্ৰ অষ্টমী স্নান উপলক্ষে ধুবুৰীত ব্যাপক প্ৰস্তুতি চলিছে। ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত অনুষ্ঠিত হ’বলগীয়া এই ধৰ্মীয় অনুষ্ঠানৰ লগত সংগতি ৰাখি ধুবুৰী জিলা প্ৰশাসন আৰু ধুবুৰী অশোকাষ্টমী মেলা কমিটীয়ে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, অহা ২৬ মাৰ্চৰ পৰা ধুবুৰীত ১৫ দিন ধৰি অশোকাষ্টমী মেলা অনুষ্ঠিত হ’ব। প্ৰাচীন ধৰ্মীয় কাহিনীৰ সৈতে জড়িত এই অষ্টমী স্নানক কেন্দ্ৰ কৰি প্ৰতি বছৰে ধুবুৰীত লক্ষাধিক ভক্তৰ সমাগম ঘটে।

কথিত আছে যে, মাতৃ হত্যাৰ পাপৰ বাবে পৰশুৰাম দিশহাৰা হৈ পৰিছিল। সেই মহাপাপৰ পৰা মুক্তি লাভৰ উদ্দেশ্যে তেওঁ গংগা, যমুনা, সৰস্বতী আদি দেশৰ বিভিন্ন পৱিত্ৰ নদীত স্নান কৰিবলৈ যায় যদিও সকলো নদীয়ে তেওঁক বিমুখ কৰি উভতাই পঠায়। অৱশেষত পৰশুৰাম হিমালয়ৰ উচ্চ শিখৰত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ কাষ চাপি আহে। সেই সময়ত ব্ৰহ্মপুত্ৰ হিমালয়ৰ বুকুত এখন সৰু পুখুৰীৰ দৰে অৱস্থান কৰি আছিল বুলি জনশ্ৰুতি আছে।

বাসন্তী পূজাৰ পৱিত্ৰ মহাঅষ্টমী তিথিত ব্ৰহ্মপুত্ৰই পৰশুৰামক স্নান কৰাৰ অনুমতি দিয়ে আৰু সেইদিনা ব্ৰহ্মপুত্ৰত স্নান কৰি পৰশুৰাম মাতৃ হত্যাৰ পাপৰ পৰা মুক্ত হয়। এই ঘটনাৰ স্মৃতিতেই বছৰত এবাৰ বাসন্তী পূজাৰ মহাঅষ্টমীৰ দিনা ব্ৰহ্মপুত্ৰৰ পানী পৱিত্ৰ হয় বুলি বিশ্বাস কৰা হয় আৰু এই দিনটোতে অষ্টমী স্নান কৰাৰ পৰম্পৰা চলি আহিছে।

দীৰ্ঘদিন ধৰি ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ ঘাটত ভক্তসকলে পুণ্য লাভৰ আশাত অষ্টমী স্নান কৰি আহিছে। সময়ৰ লগে লগে ভক্তসকলৰ ব্যাপক সমাগম হোৱাত এই অনুষ্ঠানক কেন্দ্ৰ কৰি ধুবুৰীত বৃহৎ মেলাৰ আয়োজন আৰম্ভ হয়।

অষ্টমী স্নান উপলক্ষে ধুবুৰী জিলাৰ লগতে চুবুৰীয়া পশ্চিম বংগ, মেঘালয় আৰু নামনি অসমৰ বিভিন্ন জিলাৰ পৰা অসংখ্য ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটে। মেলাত নাগৰদোলা, ড্ৰেগন ট্ৰেইন আদি বিভিন্ন আমোদ-প্ৰমোদৰ খেল-ধেমালীৰ ব্যৱস্থা কৰা হয়, যাৰ বাবে ধুবুৰী মেলা ময়দানত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়।

ইফালে, বিধানসভা নিৰ্বাচনৰ দিন ধাৰ্য হ’লে নিৰ্বাচনৰ দিনটোত মেলা বন্ধ থাকিব বুলি মেলা কমিটীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে, ধুবুৰী অশোকাষ্টমী মেলা কমিটীয়ে বছৰৰ বিভিন্ন সময়ত ধুবুৰীৰ বিভিন্ন সামাজিক কামত জড়িত থাকি ৰাইজৰ সেৱা আগবঢ়াই আহিছে।

ধুবুৰী