জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত মাটি থকাক লৈ পুনৰ প্ৰতিক্ৰিয়া মন্ত্ৰী অশোক সিংহলৰ

অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত মাটি থকাক লৈ পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰী অশোক সিংহলে ৷

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-17 at 4.33.44 PM

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত মাটি থকাক লৈ পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰী অশোক সিংহলে ৷ ২০০৯ চনত সমাধিক্ষেত্ৰৰ কাষতে মাটি ক্ৰয় কৰিছিল মন্ত্ৰী গৰাকীয় ৷ সেই মাটিৰ মাজৰে কিছু অংশ মাটি ইতিমধ্যে জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত যোৱা বুলি  কৈ জুবিন সমাধি ক্ষেত্ৰ আটকধুনীয়া হোৱাতো বিচাৰে মন্ত্ৰীগৰাকীয়ে ৷  এনেদৰেই মন্ত্ৰীগৰাকীয়ে আজি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে। 

উল্লেখ্য যে, ৰঙাপৰা সমষ্টিৰ ফুলগুৰি ঘইৰালি আদৰ্শ চিকিৎসালয়ৰ শুভ উদ্বোধন কৰি এনেদৰে মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰা পৰিলক্ষিত হয় ৷ আনফালে ২০২৬ চনত অসমতো বিহাৰৰ দৰেই অৱস্থা হ’ব লগতে  তিনি গগৈ  লগ হওক বা পাঁচ গগৈ এক হ’লেও একো লাভ নহ’ব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷ 

মুঠতে অহা নিৰ্বাচনত মুখ থেকেচা খাব কংগ্ৰেছ দলে এই মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে ৷ আদৰ্শ চিকিৎসালয় উদ্বোধনী অনুষ্ঠানটিত ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাতীয়ে ও অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । 

জামুগুৰিহাট