/asomiyapratidin/media/media_files/2025/11/05/jjjd-2025-11-05-20-18-09.jpg)
ডিজিটেল ডেস্কঃ সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ সমীপতে কেইবা বিঘা মাটি বেদখল কৰি আছি মন্ত্ৰী অশোক সিংহলে। ট্ৰাইবেল বেল্টৰ মাটি মন্ত্ৰী সিংহলে কেনেকৈ বেদখল কৰি আছে বুলি বিগত তিনিটামান দিন ধৰি সামাজিক মাধ্যম চলি আছে ব্যাপক চৰ্চা। এই চৰ্চাৰ আঁত ধৰিয়েই কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বিৰোধী কংগ্ৰেছে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল মন্ত্ৰী অশোক সিংহলক।
অসম বিধান সভাৰ বিৰোধী দলপতি তথা নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াইও প্ৰশ্ন তুলিছিল এয়া কেনেকৈ সম্ভৱ বুলি। দেৱব্ৰত শইকীয়াৰ এই সমালোচনাৰ প্ৰত্যুত্তৰ দিয়েই শইকীয়াক অভিযোগৰ প্ৰমাণ দিবলৈ প্ৰত্যাহ্বান জনালে মন্ত্ৰী অশোক সিংহলে।
বুধবাৰে ঢেকীয়াজুলিত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ভাগ লৈ কংগ্ৰেছ নেতাজনক প্ৰত্যাহ্বান জনালে মন্ত্ৰী সিংহলে। দেৱব্ৰত শইকীয়াই প্ৰমাণ দিয়ক বুলি কৈ মন্ত্ৰী সিংহলৰ দাবী-মোৰ আৰু মোৰ পৰিয়ালৰ নামত সোণাপুৰৰ জনজাতীয় বেল্টত এক ইঞ্চিও মাটি থকা বুলি প্ৰমাণ দিব পাৰিলে কেৱল ৰাজনীতিয়েই নহয়, সামাজিক জীৱন আৰু অসম এৰি হিমালয়ত সন্যাস ল'মগৈ।
কিন্তু যদিহে এই অভিযোগ প্ৰমাণ কৰিব নোৱাঁৰে তেন্তে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব দেৱব্ৰত শইকীয়াই।কংগ্ৰেছ নেতাজনক ঘণ্টাৰ সময় বান্ধি দিলে মন্ত্ৰী সিংহলে। কেৱল ইমানেই নহয়, মন্ত্ৰী সিংহলৰ দাবী-দুৰ্নীতি কৰিবলৈ আমি ৰাজনীতিলৈ অহা নাই। ভগৱানে বহুত দিছে। কোনো চৰকাৰী ঠিকাও আজিলৈকে কৰা নাই।কোনোদিন চৰকাৰী ৰাজ সাহায্য লোৱা নাই। নিজৰ বাবে লাগতিয়াল মই নিজেই কষ্টৰে গোটাইছো। কংগ্ৰেছৰ চৰিত্ৰ আমাৰ নহয়।ৰাইজৰ সেৱাৰ বাবেহে ৰাজনীতিলৈ আহিছো বুলি দাবী কৰি পুনৰবাৰ নিজৰ অভিযোগ প্ৰমাণ কৰিবলৈ দেৱব্ৰত শইকীয়াক প্ৰত্যাহ্বান মন্ত্ৰী সিংহলৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us