বিহাৰত শোচনীয় অৱস্থাৰ পাছতে বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ ডাঙৰ অভিযোগ...

বিহাৰ নিৰ্বাচনৰ শেহতীয়া আপডেটক লৈ অতিকে নিৰাশ কংগ্ৰেছ। এই নিৰ্বাচনৰ ফলাফল যথেষ্ট হতাশাজনক আখ্যা দিলে বিহাৰৰ কংগ্ৰেছ প্ৰহাৰী অশোক গেহলটে। তেওঁ কয় যে, বিহাৰৰ নিৰ্বাচনত যথেষ্ট অনিয়ম সংঘটিত হৈছে।

author-image
Asomiya Pratidin
New Update
ssssssssssssssss

ডিজিটেল ডেস্কঃ বিহাৰ নিৰ্বাচনৰ শেহতীয়া আপডেটক লৈ অতিকে নিৰাশ কংগ্ৰেছ। এই নিৰ্বাচনৰ ফলাফল যথেষ্ট হতাশাজনক আখ্যা দিলে বিহাৰৰ কংগ্ৰেছ প্ৰহাৰী অশোক গেহলটে। তেওঁ কয় যে, বিহাৰৰ নিৰ্বাচনত যথেষ্ট অনিয়ম সংঘটিত হৈছে। 

কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে অভিযোগ উত্থাপন কৰে যে, বিজেপিয়ে প্ৰতিগৰাকী মহিলাক ১০হাজাৰকৈ টকা প্ৰদান কৰিছে। এয়াও এটা ডাঙৰ ফেক্টৰ হিচাপে প্ৰমাণিত হৈছে। আমি ইয়াক লৈ আপত্তি কৰিছিলো যদিও নিৰ্বাচন আয়োগে কোনো ব্যৱস্থা নল'লে। নিৰ্বাচন আয়োগে এই ক্ষেত্ৰত কঠোৰ ভূমিকা গ্ৰহণ কৰিব লাগিছিল। 

গেহলটে লগতে কয় যে, আমাৰ নেতা ৰাহুল গান্ধীয়ে কোৱাৰ দৰে বিহাৰত ভোট চুৰিও হৈছে। গতিকে ইয়াৰ পৰা কি ফলাফল আহিব, সেয়া সহজে অনুমেয়। এনে নিৰ্বাচনী ব্যৱস্থাই আমাক যথেষ্ট হতাশ কৰিছে বুলিও কয় তেওঁ। উল্লেখ কৰা প্ৰয়োজন যে, কংগ্ৰেছ এতিয়ালৈকে ৭খন আসন অগ্ৰগতি লাভ কৰি আছে। ২০২০ৰ নিৰ্বাচনতকৈ প্ৰায় ১২খন আসনত পিছ পৰি আছে কংগ্ৰেছ। 

বিহাৰ বিহাৰ চৰকাৰ