/asomiyapratidin/media/media_files/2025/11/23/295-2025-11-23-20-17-26.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : ডিব্ৰুগড় জিলাৰ খোৱাঙত খোৱাং মহাবিদ্যালয় খেলপথাৰত অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু খোৱাং আঞ্চলিক সমিতি, খোৱাং ক্রীড়া সন্থাৰ সহযোগত এখন প্রাইজমণি ফুটবল প্রতিযোগিতা অনুষ্ঠিত হৈ যায়। ২৪টা দলে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/23/whatsapp-ima-2025-11-23-20-17-53.jpeg)
উক্ত প্ৰতিযোগিতাৰ দেওবাৰে অনুষ্ঠিত চূড়ান্ত খেলখনত অসীম হাজৰিকা অনুৰাগী মঞ্চ এফচিয়ে খোৱাং বাগান এফচিক ৩-১ গলৰ ব্যৱধানত পৰাস্ত কৰে। আজিৰ চূড়ান্ত খেলখনত অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ কেবাগৰাকী কেন্দ্ৰীয় নেতাৰ লগতে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাস আৰু উপদেষ্টা পৱিত্ৰ হাজৰিকা উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us