/asomiyapratidin/media/media_files/2025/11/21/aus-vs-eng-web-2025-11-21-17-08-56.jpg)
ডিজিটেল ডেস্ক : বেটিংত ব্যৰ্থ হ’লেও, হাতত বল লৈ চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’ক। তেওঁ প্ৰতিপক্ষ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫টা উইকেট দখল কৰিবলৈ সক্ষম হয়।
৬ অ’ভাৰত মাত্ৰ ২৩ ৰান খৰচ কৰি ৫টা উইকেট দখল কৰে ষ্ট’কে। অৱশ্যে বেটিঙত তেওঁ মাত্ৰ ৬ৰানৰহে বৰঙণি যোগাবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে, শুকুৰবাৰৰ পৰা অষ্ট্ৰেলিয়াৰ মাটিত আৰম্ভ হৈছে এছেজ শৃংখলা। শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত হৈছে পাৰ্থত। আজিৰ এই মেচখন টছত জয়ী হৈ ইংলেণ্ডে পোনতে বেট ধৰে। মেচৰ প্ৰথম ইনিংছত আলহী দলটোৱে ৩২.৫ অ’ভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৭২ ৰান।
একেদৰে ইংলেণ্ডৰ উইকেট পতনৰ পাছতে অষ্ট্ৰেলিয়াই বেট ধৰি দিনান্তত ১২৯ ৰান সংগ্ৰহ কৰে। এতিয়ালৈকে অষ্ট্ৰেলিয়াৰ ৯টা উইকেটৰ পতন ঘটিছে। উল্লেখযোগ্য যে বলিং বান্ধৱ পিটছত অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰ্কে ৭টা উইকেট দখল কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us