মহাবাহুৰ বুকুত যুগনায়ক জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জন

মই মৰিলে মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিবা। ব্ৰহ্মপুত্ৰ মোৰ দেউতাৰ দৰে। সাগৰতকৈ মই ব্ৰহ্মপুত্ৰক ভালপাও। পৃথিৱীৰ একমাত্ৰ পুৰুষ নদ ব্ৰহ্মপুত্ৰ। এনেদৰে এদিন কৈছিল জুবিন গাৰ্গে। 

author-image
Asomiya Pratidin
New Update
76

ডিজিটেল ডেস্ক : মই মৰিলে মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিবা। ব্ৰহ্মপুত্ৰ মোৰ দেউতাৰ দৰে। সাগৰতকৈ মই ব্ৰহ্মপুত্ৰক ভালপাও। পৃথিৱীৰ একমাত্ৰ পুৰুষ নদ ব্ৰহ্মপুত্ৰ। এনেদৰে এদিন কৈছিল জুবিন গাৰ্গে। 

আজি কায়িকভাৱে জুবিন গাৰ্গ আমাৰ মাজত নাই। জোনবাইৰ দেশত এতিয়া আমাৰ আদৰৰ শিল্পী জুবিন। 

সেই অভিশপ্ত ১৯ ছেপ্তেম্বৰ ২০২৫ত অকাল বিয়োগ ঘটা জুবিন গাৰ্গৰ চিতাভস্ম ২৯ অক্টোবৰ ২০২৫ বুধবাৰে পুৱা নীতি- নিয়ম অনুসৰি ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হয়। কান্দি কান্দি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে বিসৰ্জন দিলে জুবিনৰ চিতাভস্ম। 

গুৱাহাটীৰ কাছমাৰী ঘাটত পৰিয়ালৰ লগতে গুণমুগ্ধৰ উপস্থিতিত গৰিমা গাৰ্গে স্বামীৰ চিতাভস্ম বিসৰ্জন দিয়ে। একেদৰে যোৰহাটত জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জন দিয়ে জুবিনে পুত্ৰজ্ঞান কৰা তথা মুখাগ্নি কৰা অৰুণ গাৰ্গে। 

গৰিমা- অৰুণ দুয়ো কান্দি কান্দি শোকতবিহ্বল হৈ জুবিন গাৰ্গৰ চিতাভস্ম ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিয়ে। 

জুবিন গাৰ্গ