‘অমিক্ৰ’ন’ সংক্ৰমিত দেশৰ পৰা ভাৰতলৈ আহিবলগীয়া বিমানৰ অৱতৰণ বন্ধ কৰিবলৈ প্রধানমন্ত্ৰীক অনুৰোধ কেজৰিৱালৰ…

‘অমিক্ৰ’ন’ সংক্ৰমিত দেশৰ পৰা ভাৰতলৈ আহিবলগীয়া বিমানৰ অৱতৰণ বন্ধ কৰিবলৈ প্রধানমন্ত্ৰীক অনুৰোধ কেজৰিৱালৰ…

ডিজিটেল ডেস্কঃ কোৰোনাৰ নতুন ভেৰিয়েন্ট অমিক্ৰনৰ সংক্ৰমণক লৈ সমগ্ৰ বিশ্ববাসী এতিয়া শংকিত হৈ পৰিছে। ভাৰতত বৰ্তমানো কোৰোনাৰ দ্বিতীয় ঢৌ লাহে লাহে হ্ৰাস পাবলৈ ধৰা সময়তে কোভিডৰ এই নতুন ভেৰিয়েন্টটোৱে এতিয়া পুনৰ সকলোকে চিন্তিত কৰি তুলিছে। ইফালে, দিল্লী চৰকাৰে এই ভাইৰাছৰ ক্ষেত্ৰত সম্পূৰ্ণ প্ৰস্তুতি চলাইছে।

দিল্লী চৰকাৰৰ এলএনজেপি হাস্পতালত অমিক্ৰনৰ বাবে বিশেষ চিকিৎসালয়ৰ নিৰ্মাণ কৰা হৈছে। এলএনজেপি হাস্পতালত অমিক্ৰনত আক্ৰান্ত ৰোগীৰ বাবে আইছ'লেশ্যন আৰু চিকিৎসাৰবাবে এটা বা দুটাকৈ ৱাৰ্ড ৰিজাৰ্ভ ৰখাৰ বাবে নিৰ্দেশ দিছে ৰাজ্যখনৰ চৰকাৰে।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মঙলবাৰে পুৱা এক টুইট কৰে। এই টুইটটোত মুখ্যমন্ত্ৰীগৰাকীয়ে অমিক্ৰমণ ভাইৰাছত সংক্ৰমিত দেশৰ পৰা ভাৰতলৈ আহিব লগীয়া বিমান সমূহৰ সেৱা বন্ধ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অনুৰোধ জনায়।

কেজৰিৱালে টুইটাৰত লিখিছে- 'বহু কেইখন ৰাষ্ট্ৰই অমিক্ৰণ সংক্ৰমিত দেশৰ পৰা আহিবলগীয়া বিমান সমূহৰ সেৱা বন্ধ কৰিছে। আমি কিয় এই ক্ষেত্ৰত দেৰি কৰি আছো? প্ৰথম ঢৌত আমি আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ কৰাত পলম কৰিছিলো। অধিকাংশ বিদেশী বিমান সেৱাৰ বিমান সমূহ দিল্লীতে অৱতৰণ কৰে। যাৰ ফলত আটাইতকৈ বেছি প্ৰভাৱ পৰে দিল্লীত। প্রধানমন্ত্ৰী ডাঙৰীয়া অনুগ্ৰহণ কৰি এই বিমানৰ সেৱা বন্ধ কৰক।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in