দিল্লীত মহিলা আৰু শিশুৰ বাবে নতুনকৈ খোলা হ'ব ১০০ খন মহল্লা ক্লিনিক: কেজৰিৱাল

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে ঘোষণা কৰে যে অতিশীঘ্ৰেই ৰাজধানীত মহিলাসকলৰ বাবে ১০০ খন বিশেষ মহল্লা ক্লিনিক খোলা হ'ব।

author-image
Asomiya Pratidin
New Update
দিল্লী আধ্যাদেশৰ স্পষ্ট বিৰোধিতা কংগ্ৰেছৰ, সমৰ্থন কৰিব কেজৰিৱালক

Delhi Chife Minister Arvind Kejriwal

ডিজিটেল ডেস্ক: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে ঘোষণা কৰে যে অতিশীঘ্ৰেই ৰাজধানীত মহিলাসকলৰ বাবে ১০০ খন বিশেষ মহল্লা ক্লিনিক খোলা হ'ব।চাৰিখন 'মহিলা বিশেষ মহল্লা ক্লিনিক' উদ্বোধন কৰি তেওঁ কয় যে ১২ বছৰৰ তলৰ শিশু আৰু মহিলাসকলে এই সুবিধা সমূহত বিনামূলীয়া চিকিৎসা লাভ কৰিব।

Advertisment

উল্লেখ্য যে, মহল্লা ক্লিনিক প্ৰণালী কেজৰিৱাল চৰকাৰৰ অন্যতম মুখ্য পদক্ষেপ আৰু ইয়াৰ উদ্দেশ্য হৈছে দিল্লীত প্ৰাথমিক স্বাস্থ্য সেৱা বৃদ্ধি কৰা।

তেওঁ কয় যে " এই চাৰিখন মহিলা মহল্লা ক্লিনিক মহিলাসকলৰ বাবে বিশেষ। কিয়নো এই ক্লিনিকত মহিলা আৰু ১২ বছৰৰ তলৰ শিশুসকলৰ বাবে বিনামূলীয়াকৈ স্ত্ৰীৰোগ সেৱা, পৰীক্ষা আৰু ঔষধ উপলব্ধ হ'ব।

লগতে কয় যে, প্ৰথম পৰ্যায়ত মহিলা আৰু শিশু সকলৰ বাবে এনে ১০০ খন ক্লিনিক খোলা হ'ব। তদুপৰি এই সুবিধাসমূহৰ চিকিৎসক আৰু কৰ্মচাৰী সকল মহিলা হ'ব বুলিও জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে।

অৱশ্যে এই ক্লিনিক সমূহ কেতিয়া খুলিব এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কোনো ধৰণৰ মন্তব্য কৰা নাই। দিল্লীত বৰ্তমান থকা মহল্লা ক্লিনিক সমূহত প্ৰতিদিনে প্ৰতিখন মহল্ল ক্লিনিকত ১১৬ জন ৰোগী আৰু দিনে মুঠ ৬০,০০০ ৰো অধিক ৰোগীৰ চিকিৎসা কৰা হয়।

delhi arvind kejriwal mahalla clinics