প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আমন্ত্ৰণ জনোৱা হ’ব কেজৰিৱালৰ শপত গ্ৰহণ অনুষ্ঠানলৈ, উপস্থিত নাথাকিব কোনো ভিভিআইপি…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আমন্ত্ৰণ জনোৱা হ’ব কেজৰিৱালৰ শপত গ্ৰহণ অনুষ্ঠানলৈ, উপস্থিত নাথাকিব কোনো ভিভিআইপি…

ডিজিটেল ডেস্কঃ দিল্লীৰ বিধানসভা নিৰ্বাচনত ঐতিহাসিক বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱা আম আদমী পাৰ্টীৰ অধ্যক্ষ অৰবিন্দ কেজৰিৱালে অহা ১৬ ফেব্ৰুৱাৰীত তৃতীয় বাৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব। ৰামলীলা ময়দানত অনুষ্ঠিত হ'বলগা এই শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। শুকুৰবাৰে এই কথা জানিবলৈ দিয়ে খোদ অৰবিন্দ কেজৰিৱালে।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে আপৰ জ্যেষ্ঠ নেতা গোপাল ৰায়ে সংবাদ মাধ্যমৰ সন্মুখত কয় যে দিল্লীৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ অন্য ৰাজ্যৰ কোনো ৰাজনৈতিক নেতা, মন্ত্ৰী অথবা ভিভিআইপি লোকক আমন্ত্ৰণ জনোৱা নহয়। তাৰ পৰিৱৰ্তে কেৱল দিল্লীবাসীকহে এই সমাৰোহলৈ আমন্ত্ৰণ জনোৱাৰ বিষয়েও জানিবলৈ দিয়ে আপ নেতাগৰাকীয়ে।

অন্য ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজনৈতিক নেতা আৰু ভিভিআইপি লোকসকলক আমন্ত্ৰণ জনাই যাতে অযথা ধন ব্যয় নহয় আৰু তেওঁলোকক নিৰাপত্তা প্ৰদানৰ নামত যাতে দিল্লীবাসীয়ে কোনো ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হ'ব নালাগে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই তেনে লোকক কেজৰিৱালৰ শপত গ্ৰহণ সমাৰোহলৈ আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত বাতিল কৰা হৈছে বুলি জনায় আম আদমী পাৰ্টীৰ এক সূত্ৰই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in