Advertisment

অৰবিন্দ কেজৰিৱাললৈ ইটাঁ দলিয়ালে কোনে? VIDEO...

নিৰ্বাচনৰ দিন যিমানে ওচৰ চাপিছে সিমানেই দিল্লীত বাঢ়িছে হিংসাত্মক কাৰ্যকলাপ।  শনিবাৰৰ দিনটোত নতুন দিল্লী বিধানসভা সমষ্টিত প্ৰচাৰৰ বাবে যোৱা অৰবিন্দ কেজৰিৱালৰ ওপৰত চলি দুৰ্বৃত্তৰ আক্ৰমণ।

author-image
Asomiya Pratidin
New Update
দিল্লী

দিল্লী Photograph: (অসমীয়া প্ৰতিদিন)

ডিজিটেল ডেস্কঃ  নিৰ্বাচনৰ দিন যিমানে ওচৰ চাপিছে সিমানেই দিল্লীত বাঢ়িছে হিংসাত্মক কাৰ্যকলাপ।  শনিবাৰৰ দিনটোত নতুন দিল্লী বিধানসভা সমষ্টিত প্ৰচাৰৰ বাবে যোৱা অৰবিন্দ কেজৰিৱালৰ ওপৰত চলি দুৰ্বৃত্তৰ আক্ৰমণ। আপৰ অধ্যক্ষগৰাকীৰ বাহনলৈ লক্ষ্য কৰি দুৰ্বৃত্তই এটা ডাঙৰ ইটাঁৰ টুকুৰা দলিয়াই দিয়ে। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।

Advertisment

ইফালে এই ঘটনা সংঘটিত হোৱাৰ পাছতে আপে অভিযোগ উত্থাপন কৰিছে যে, এই আক্ৰমণ কৰিছিল বিজেপিয়ে পুহিঁ ৰখা গুণ্ডাই। আপে সামাজিক মাধ্যমত এই ঘটনাৰ ভিডিঅ আপলোড কৰি বিজেপিয়ে পৰাজয়ৰ ভয়ত এনে পন্থাৰ আশ্ৰয় লোৱা বুলি কয়।

আপে শেহতীয়াকৈ আপলোড কৰা এই আক্ৰমণৰ ভিডিঅ চাব পাৰিব তলৰ লিংকতঃ-

https://x.com/i/status/1880571312529383493

উল্লেখ কৰা প্ৰয়োজন যে, ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব নিৰ্বাচনৰ ভোটগণনা। ১০ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া। মনোনয়ন দাখিলৰ অন্তিম দিন ১৭ জানুৱাৰী। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ২০ জানুৱাৰী। ৭০ খন আসনৰ বাবে এটা পৰ্যায়তে দিল্লীত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। 

দিল্লী