/asomiyapratidin/media/media_files/2025/09/27/ijjj-2025-09-27-10-26-05.jpg)
ডিজিটেল ডেস্কঃ বড়োভূমিত বি পি এফৰ ছুনামিত সকলো তচনচ। শনিবাৰে পুৱাভাগলৈকে প্ৰায় ৭টা সমষ্টিত চলি আছিল ভোটগ্ৰহণ। এই ৭টা সমষ্টিৰ ভিতৰত অন্যতম এটা সমষ্টি আছিল ৭নং ফকিৰাগ্ৰাম সমষ্টি। এই সমষ্টিটো পূৰ্বৰে পৰাই আছিল বিজেপিৰ দখলত।
বড়োভূমিৰ বিজেপিৰ প্ৰভাৱশালী নেতা অৰূপ কুমাৰ দে'ৰ দখলত আছিল এই সমষ্টিটো। সকলোৱে এই সমষ্টিটোক বিজেপিৰ দুৰ্গ বুলিয়ে আখ্যা দিছিল। কিন্তু জিকি জিকিও অৱশেষত পুৱতি নিশাৰ চূড়ান্ত ফলাফলত পৰাজয়বৰণ কৰিলে বিজেপিৰ প্ৰাৰ্থীগৰাকী।
এই সমষ্টিটোৰ আনুষ্ঠানিক ফলাফল ঘোষণা কৰা হয় শনিবাৰে পুৱা ৮বজাতহে। সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ১৮,৫৭২টা ভোট লাভ কৰাৰ বিপৰীতে বি পি এফৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে ২০,০১০টা ভোট। উল্লেখ কৰা প্ৰয়োজন যে, এইবাৰ বি টি চিৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছে মাত্ৰ ৫খন আসন।