/asomiyapratidin/media/media_files/2025/10/07/7598c940-5dee-4a4b-b0f9-38df2e5980c6-2025-10-07-09-34-43.jpg)
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপ্ত পৰিচালক অৰূপ বৰঠাকুৰ আৰু নাই । যোৱা সোমবাৰে নিশা ১০.৪০ বজাত তেওঁৰ মৃত্যু হয়। বিগত কিছুমাহ ধৰি গুৱাহাটীৰ এখন ব্যক্তিগত হস্পাতালত চিকিৎসাধীন হৈ আছিল বিশিষ্ট পৰিচালকগৰাকী।
উল্লেখ্য, বিশেষভাৱে তথ্যচিত্ৰ নিৰ্মাতা হিচাপে পৰিচিত অৰূপ বৰঠাকুৰে ১৯৯০ চনৰ ৩৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বিউটি সভাপণ্ডিতে প্ৰযোজনা কৰা তথ্যচিত্ৰ "নতুন আশা"ৰ বাবে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।
শেহতীয়াকৈ তেওঁ ভাস্কৰ্যশিল্পী বিৰেণ সিংহৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা "Shadow of a Marble" নামৰ তথ্যচিত্ৰখনে বহু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত হোৱাৰ লগতে বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
লেখিকা জীমণি চৌধুৰীৰ কাহিনী-চিত্ৰনাট্য-সাংলাপৰ আধাৰত এখনি পূৰ্ণদৈৰ্ঘৰ চলচ্চিত্ৰৰ কামতো শেষৰ সময়ত ব্যস্ত হৈ আছিল তেওঁ।
বিশিষ্ট পৰিচালকগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে অসমৰ চলচ্চিত্ৰজগতখনত। মঙলবাৰে বশিষ্ঠ শশ্মানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। প্ৰণিধানযোগ্য যে, ২০২৫ চনত তেওঁক ১৮তম ৰ'দালি বঁটাত নাট্যৰত্ন সন্মানো প্ৰদান কৰা হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us