মানকাচৰৰ বিভিন্ন গাঁৱত অৰুণোদয় ৩.০ বাছনিত চৰম অৰাজকতাঃজিলা আয়ুক্তৰ কাৰ্যালয়ত অভিযোগ

টকা নহ’লে এতিয়া একপ্ৰকাৰে হিতাধিকাৰী হোৱাটোও যেন অসম্ভৱ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন জিলাত। কিন্তু জিলা প্ৰশাসন, চৰকাৰৰ দৃষ্টিগোৰচহে নহয় এই সমূহ বিষয়।

author-image
Asomiya Pratidin
New Update
মানকাচৰৰ বিভিন্ন গাঁৱত অৰুণোদয় ৩.০ বাছনিত চৰম অৰাজকতাঃজিলা আয়ুক্তৰ কাৰ্যালয়ত অভিযোগ

ডিজিটেল সংবাদ মানকাচৰঃ মহিলাৰ অৰ্থনৈতিক সবলীকৰণৰ বাবে ৰাজ্যচৰকাৰে ২০২০ চনত আৰম্ভ কৰা অৰুণোদয় আঁচনি প্ৰকৃত হিতাধিকাৰীয়ে পাইছেনে?  ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালৰ মহিলাক সৱল কৰিলে সেই পৰিয়ালটো সৱল হ’ব বুলি চৰকাৰে আৰম্ভ কৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হোৱাটো এতিয়া দৰিদ্ৰ পৰিয়ালৰ বাবে যেন অতিকৈ কঠিন হৈ পৰিছে।

টকা নহ’লে এতিয়া একপ্ৰকাৰে হিতাধিকাৰী হোৱাটো যেন অসম্ভৱ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন জিলাত। কিন্তু জিলা প্ৰশাসন, চৰকাৰৰ দৃষ্টিগোৰচহে নহয় এই সমূহ বিষয়।

হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত দেখিবলৈ পোৱা গৈছে দুখঃলগা দৃশ্য। জিলাখনৰ বিভিন্ন গাঁৱৰ পৰা দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলে পৰিয়ালক এৰি অৰুণোদয় আঁচনি বিচাৰি প্ৰতিদিনে ভিৰ কৰিবলগীয়া হৈছে জিলা আয়ুক্তৰ কাৰ্যালয়ত। 

অধিকাংশ হিতাধিকাৰী আৰম্ভণিৰে পৰা এই আঁচনিৰ সুবিধা পাইছিল যদিও হঠাত তিনি-চাৰি মাহৰ পৰা তেওঁলোকৰ নাম হিতাধিকাৰীৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে। জানিব পৰা মতে, জিলাখনৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰ এলেকাত অগপ, বিজেপি আৰু এ আই ইউ ডি এফৰ এজনকৈ সদস্য লৈ অৰুণোদয় আঁচনি ৩.০ হিতাধিকাৰী বাছনি কমিটি গঠন কৰি দিয়া হৈছে। 

কিন্তু বাছনি কমিটিৰ সদস্যই গ্ৰহন কৰিছে ইয়াৰে সুযোগ। নিজৰ পৰিয়াল, আত্মীয়ৰ লগতে ধন দিবপৰা মহিলাকহে অৰুণোদয় ৩.০ ৰ হিতাধিকাৰী সজাইছে অধিকাংশ বাছনি কমিটিৰ সদস্যই। ফলত বঞ্চতি হৈছে প্ৰকৃত হিতাধিকাৰী। 

বাছনি কমিটিৰ দায়িত্বত থকা সদস্যক টকা দিব নোৱাৰাৰ বাবে প্ৰকৃত হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। জিলাখনত অৰুণোদয় ৩.০ ৰ বাছনি সমিতিৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে একাংশ বঞ্চিত মহিলাই।

একাংশ গাঁৱৰ পৰা মহিলাসকলে জিলা আয়ুক্তক লিখিত অভিযোগো দাখিল কৰিছে। কিন্তু এইসকল দৰিদ্ৰ পৰিয়ালৰ মহিলাক আঁচনিৰ সুবিধা প্ৰদান কৰিবলৈ জিলা প্ৰশাসনে গুৰুত্ব প্ৰদান কৰিবনে? ইয়াৰ পূৰ্বে জিলাখনত গাঁও প্ৰধানৰ পত্নীয়েও অৰুণোদয় আঁচনি লাভ কৰিছিল। 

অৱশ্য জিলা প্ৰশাসনে গাঁও প্ৰধানৰ জনৰ পত্নীৰ নাম কৰ্তন কৰিয়ে দায়িত্ব সামৰিছে। প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি কোনে, কিয় গাওঁ প্ৰধানৰ পত্নীক অৰুণোদয়ৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিছিল সেয়া আজিলৈ জিলা প্ৰশাসনে তদন্ত নকৰিলে। বৰ্তমানেও বাছনি কমিটিসমূহৰ বিৰুদ্ধে উদ্ধাপন হোৱা অভিযোগৰ তদন্ত কিমান হ’ব সেয়া সহজে অনুমেয়।

মানকাচৰ অৰুণোদয় আঁচনি