অৰুণাচল প্ৰদেশত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি....

প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিত ১৯ অক্টোবৰত তেওঁৰ মৃত্যুৰ এমাহ হোৱাৰ দিনা অৰুণাচল প্ৰদেশৰ অসমীয়া লোকসকলৰ লগতে স্থানীয় অৰুণাচলী লোকসকলে একত্ৰিত হৈ এটি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। 

author-image
Asomiya Pratidin
New Update
jhjksdhjkshdjks

ডিজিটেল সংবাদ, ইটানগৰঃ জুবিন গাৰ্গ নোহোৱা হোৱাৰ দুখত এতিয়াও ম্ৰিয়মান হৈ আছে অৰুণাচল প্ৰদেশ। প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিত ১৯ অক্টোবৰত তেওঁৰ মৃত্যুৰ এমাহ হোৱাৰ দিনা অৰুণাচল প্ৰদেশৰ অসমীয়া লোকসকলৰ লগতে স্থানীয় অৰুণাচলী লোকসকলে একত্ৰিত হৈ এটি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। নাহৰলগুনৰ নাৰ্চিং কলেজৰ বাকৰিত আয়োজন কৰা এই অনুষ্ঠানত চাৰি সহস্ৰাধিক লোকে মৰমৰ শিল্পী জুবিন গাৰ্গলৈ অশ্ৰুভৰা শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। 

এই অনুষ্ঠানত উপস্থিত থাকি অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰীযুত চাওনা মেইনে জুবিন গাৰ্গৰ প্ৰতিভা আৰু অৱদানৰ বিষয়ে নিজৰ অনুভৱ ব্যক্ত কৰে। তেওঁ কয় যে, ব্যক্তিগতভাৱে জুবিন গাৰ্গক দুবাৰ মান কম সময়ৰ বাবে লগ পাইছিল যদিওঁ ঘনিষ্ঠ সম্পৰ্ক নাছিল। কিন্তু তেওঁৰ মৃত্যুৰ পাছত জুবিন গাৰ্গৰ লগত ঘনিষ্ঠ সম্পৰ্ক নৰখা বাবে আক্ষেপ প্ৰকাশ কৰে। তেওঁ জুবিন গাৰ্গে নামচাইত শ্বুটিং কৰি থকাৰ সময়ত জুবিনক সাক্ষাৎ কৰিব নোৱাৰিলে। কিন্তু জুবিনে নামচাইত শ্বুটিং কৰি নামচাইক বিখ্যাত কৰি থৈ গৈছে। উপ-মুখ্যমন্ত্ৰী মেইনে কয় যে জুবিনে অৰুণাচল প্ৰদেশৰ বহু কেইটা স্থানীয় ভাষাত গীত গাইছে। সেই গীতবোৰ অতি জনপ্ৰিয় বুলি প্ৰকাশ কৰি তেওঁ লগতে কয় যে জুবিন গাৰ্গৰ লগত ঐশ্বৰিক শক্তি আছিল, ঐশ্বৰিক সাহস আছিল, ঐশ্বৰিক প্ৰতিভা আছিল, ঐশ্বৰিক অৰ্থ আছিল আৰু প্ৰকৃতাৰ্থত তেওঁ আছিল অসমৰ সংগীত জগতৰ ৰজা আছিল।

এই অনুষ্ঠানত উপস্থিত থকা থকা অৰুণাচল প্ৰদেশৰ কলা সাংস্কৃতিক বিভাগৰ মন্ত্ৰী শ্ৰীমতী ডাচাংলু পুলে জুবিনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে আৰু জুবিনৰ পত্নী আৰু পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। এই জটিল সময়ত গৰিমা শইকীয়াই অসীম ধৈৰ্য আৰু সাহসেৰে নিজৰ দুখৰ মাজতো লক্ষ লক্ষ জনতাৰ আবেগ আৰু আগ্ৰহক যিধৰণে চম্ভালি লৈছে সেয়া এগৰাকী আদৰ্শ নাৰীৰ ক্ষেত্ৰতহে সম্ভৱ বুলি কয়। মিচিমি ভাষাত জুবিনৰ কণ্ঠৰ গীত নথকাৰ বাবে তেওঁ দুখ প্ৰকাশ কৰে। জুবিন গাৰ্গৰ কেতিয়াও মৃত্যু নহয় বুলি প্ৰকাশ কৰি তেওঁ লগতে কয় যে নিজৰ ভাষা-সংস্কৃতিৰ মাজেদিও যে বিশ্বৰ কোটী কোটী জনতাৰ হৃদয়ত স্থান পাব পাৰি সেই কথা জুবিন গাৰ্গে প্ৰমাণ কৰি দিলে। 

অৰুণাচল প্ৰদেশৰ বিশিষ্ট সাহিত্যিক, পদ্মশ্ৰী সন্মানেৰে সন্মানিত য়েছে দৰজে ঠংচিয়ে জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ অৰুণাচল প্ৰদেশ শোকত ম্ৰিয়মান হৈ পৰিছে। সাধাৰণতে এজন ব্যক্তিৰ মৃত্যুৰ কিছুদিনৰ পাছত লাহে সকলোৱে তেওঁৰ মৃত্যুক সহজ ভাবে ল'বলৈ আৰম্ভ কৰে যদিও জুবিন গাৰ্গৰ ক্ষেত্ৰত ইয়াৰ বিপৰীত পৰিবেশ সৃষ্টি হৈছে। ৰাইজে এতিয়াও এই কথা মানি ল'ব পৰা নাই যে জুবিন গাৰ্গৰ মৃত্যু হৈছে। জুবিনৰ মৃত্যুৰ পাছৰ এই শোকাকুল পৰিবেশ আৰু গুণমুগ্ধৰ আবেগ পৃথিৱীৰ বাবে এক নতুন কথা। এনে পৰিবেশক এক বিৰল পৰিঘটনা বুলি উল্লেখ কৰি ঠংচিয়ে কয় যে ভূপেন হাজৰিকাৰ পাছত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত যদি কোনোবাই মজবুত কৰি ধৰি ৰাখিছিল সেইজন হৈছে জুবিন গাৰ্গ। ঠংচিয়ে যিটো পৰিস্থিতিত জুবিন গাৰ্গে মৃত্যুক সাবতি লগা হ'ল তাৰ উচিত তদন্ত হ'ব লাগে বুলিও মন্তব্য কৰে। 

অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাযায় টুকী, বিশিষ্ট গায়ক বেংগিয়া টাব, নাবাম য়াল, বিশিষ্টা সমাজকৰ্মী মানকি নাটুং, ইটানগৰ কৃষ্টি কেন্দ্ৰৰ সভাপতি ৰূপজ্যোতি কোৱঁৰ, শিক্ষাবিদ জ্যোতিষ বৰপাত্ৰ, নাহৰলগুন কৃষ্টি কেন্দ্ৰৰ সভাপতি বিপুল কলিতা, অৰুণাচল প্ৰদেশ লিটাৰেৰী ছ'চাইটিৰ উপদেষ্টা টকং পাৰ্টিন, য়েছে দৰজে ঠংচিৰ পত্নী চোনামতি ঠংচিকে আদি কৰি ৰাজ্যখনৰ ভালে সংখ্যক শিল্পী, সাহিত্যিক, সামাজিক সংগঠনৰ বিষয়ববীয়া আৰু ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰি এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠিত হয়। গায়ন-বায়ন বজাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।  বৰগীত, দিহানামৰ লগতে অৰুণাচল প্ৰদেশৰ বিশিষ্ট জনপ্ৰিয় কণ্ঠশিল্পী ৰেৰিক কাৰ্লো ডিগবাক, কণ্ঠশিল্পী টাৰমিন ৰিমে, দেহ টাইড, মন্টু পোদ্দাৰ, কুনাল বৰা, কুশল বসুমতাৰি, গৌতম কোৱঁৰ আৰু কেইবাগৰাকীও স্থানীয় শিল্পীয়ে জুবিন গাৰ্গে কণ্ঠদান কৰা অসমীয়া, গালো, আদি, বাংলা ভাষাৰ গীত পৰিৱেশন কৰে। ইন্দ্ৰানী ফুকন আৰু মুকুল পাঠকে আঁত ধৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হেজাৰোধিক ৰাইজে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জুবিন গাৰ্গৰ অবাঞ্চিত মৃত্যুৰ ন্যায় বিচাৰি এখন স্মাৰক পত্ৰৰ বাবে স্বাক্ষৰ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে সহস্ৰাধিক ৰাইজে নাহৰলগুনৰ ৰাজপথত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত এটি সমদল উলিয়ায়।

জুবিন গাৰ্গ জুবিন