/asomiyapratidin/media/media_files/2025/12/11/new-ap-web-2-21-2025-12-11-18-24-02.jpg)
ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ আনজাও জিলাত বিগত ৭ ডিচেম্বৰত সংঘটিত হোৱা এক কৰুণ পথ দুৰ্ঘটনাত অসমৰ ২১ জন শ্ৰমিকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি, নিৰ্মাণ কাৰ্যত কাম কৰিবলৈ অসমৰ তিনিচুকীয়া জিলাৰ খেলা পুখুৰী চাহ বাগানৰ পৰা এখন ট্ৰাকত মুঠ ২২ জন শ্ৰমিকক আনজাও জিলাৰ চাগলাগাম এলেকালৈ লৈ যোৱা হৈছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/11/whatsapp-image-2025-12-2025-12-11-18-24-21.jpeg)
১০ ডিচেম্বৰৰ দিনাও শ্ৰমিককেইজন চাগলাগাম গৈ নোপোৱাত তাত থকা সহযোগী শ্ৰমিকে বিষয়টো প্ৰশাসনৰ দৃষ্টিগোচৰ কৰে। কাকতালীয় ভাবে ১০ ডিচেম্বৰৰ দিনাই সেই দূৰ্ঘটনাত আঘাত নোপোৱাকৈ বাচি যোৱা এজন শ্ৰমিকে চাগলাগাম পথত থকা ব'ৰ্ডাৰ ৰোড অৰ্গানাইজেছনৰ শিবিৰত উপস্থিত হয়হি। তাৰ পাছতহে দূৰ্ঘটনাগ্ৰস্ত বাহন খনৰ কথা পোহৰলৈ আহে।
আনজাও জিলাৰ আৰক্ষীয়ে জনোৱা অনুসৰি, বি আৰ অ', সেনাবাহিনী আৰু এন ডি আৰ এফৰ দলে বাহনখনত থকা শ্ৰমিকসকলৰ মৃতদেহ উদ্ধাৰৰ বাবে অভিযান চলাই আছে আৰু মুঠ ১৭ জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে। দূৰ্ঘটনাটো সংঘটিত হোৱা ঠাই ডোখৰত ম'বাইল নেটৱৰ্ক নথকাৰ বাবে তিনিদিন ধৰি এই খবৰ কোনেও পোৱা নাছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/11/whatsapp-image-2025-12-11-18-24-37.jpeg)
উল্লেখযোগ্য যে, ৮ ডিচেম্বৰৰ নিশা প্ৰায় ৮-৯ মান বজাত চাগলাগামলৈ দহ কিলোমিটাৰ মান বাকী থকা অৱস্থাত ট্ৰাকখন পথৰ পৰা বাগৰি পাহাৰৰ শিলত দেখা খাই খাই প্ৰায় ৭০০ মিটাৰ তলত পৰেগৈ। এই ঘটনাত আশ্বৰ্যকৰ ভাবে প্ৰাণ ৰক্ষা পৰা শ্ৰমিক জনক তিনিচুকীয়াৰ নিজ বাসগৃহলৈ প্ৰেৰণ কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us