অৰুণাচল প্ৰদেশত প্ৰকৃতিৰ তাণ্ডৱ...

অৰুণাচল প্ৰদেশত প্ৰকৃতিৰ তাণ্ডৱ...

author-image
Asomiya Pratidin
New Update
অৰুণাচল প্ৰদেশত প্ৰকৃতিৰ তাণ্ডৱ...

ডিজিটেল ডেস্কঃ প্ৰকৃতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে অৰুণাচল প্ৰদেশত। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা এটাৰ পাছত এটাকৈ ভূমিস্খলনৰ বাতৰি আহিছে।থিয়ৈ থিয়ৈ খহিছে এখনৰ পাছত আনখন পাহাৰ। মানুহে জধে মধে পাহাৰ কটা বাবেই বেছিভাগ অঞ্চলত এই অৱস্থাৰ সৃষ্টি হৈছে।নদী-জান-জুৰি ওফন্দি উঠিছে। বিভিন্ন স্থানত বৰষুণৰ পানীয়ে পথ উটোৱাই নিছে।

Advertisment

ৰাজধানী ইটানগৰত ক্ৰমাগতভাৱে কেইবাটাও ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত ইটানগৰৰ উপায়ুক্ত স্বেতা নাগৰকটি মেহতাই মঙলবাৰৰ পৰা ৬ জুলাই পৰ্যন্ত ইটানগৰৰ সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে। উল্লেখ্য যে অহা ৫জুলাই পৰ্যন্ত অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰকে ধৰি পাঁচ খন জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে।

Also Read: নগাঁৱৰ শিশুসকলে উদযাপন কৰিলে জাতীয় চিকিৎসক দিৱস...

Arunachal pradesh landslide