/asomiyapratidin/media/media_files/2025/09/12/77ef7e65-77c3-49be-aa1f-a5c1ee632577-1-2025-09-12-09-20-47.jpeg)
ডিজিটেল সংবাদ, ইটানগৰঃ এগৰাকী ৰোগীৰ আত্মীয়ই নাহৰলগুনৰ টম' ৰিবা ইনষ্টিটিউট অৱ হেল্থ এন্দ মেডিকেল চায়েন্স চিকিৎসালয়ত অতৰ্কিতে কৰা আক্ৰমণত দুজন কৰ্তব্যৰত চিকিৎসক গুৰুতৰভাৱে আহত হয়। আৰক্ষীক দিয়া এজাহাৰত মেডিকেল কলেজখনৰ অধীক্ষকে জনোৱা মতে দিনৰ প্ৰায় ১০:৫০ বজাত চিকিৎসালয়খনৰ তৃতীয় মহলাৰ ই এন টি বিভাগৰ ওচৰত চিনিয়ৰ ৰেচিডেন্ট ডাক্টৰ অৰবিন্দ পুছা আৰু ডাক্টৰ টাম টাৰিয়াঙক ৰড আৰু দাৰে উপৰ্যুপৰি প্ৰহাৰ কৰে।
ডাক্তৰ অৰবিন্দক ৰডেৰে উপৰ্যুপৰি প্ৰহাৰ কৰাৰ সময়ত ডাক্টৰ টামে তেওঁক সুৰক্ষা দিবলৈ বিচাৰিছিল। তেতিয়া ডা. টামক দাৰে ঘপিয়াই দিয়াত হাতত গুৰুতৰ আঘাত পায়। ডা. অৰবিন্দক আই চি ইউত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীয়ে ইতিমধ্যে আক্ৰমণকাৰীলোকজনক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আক্ৰমণকাৰীটোৰ নাম নাবাম মাংহা।
বয়স ২৮ বছৰ। লোকজনে চিকিৎসকক কিয় আক্ৰমণৰ লক্ষ্য কৰি ল'লে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। পৰিয়ালৰ লোকে প্ৰকাশ কৰা মতে লোকজনৰ এগৰাকী ভনীয়েকৰ অস্ত্ৰোপচাৰৰ পাছত এটা বেজি দিয়াৰ পাছতে যুৱতী গৰাকী বেহুচ হৈ পৰিছিল আৰু পাছত স্মৃতিশক্তি হ্ৰাসপোৱাৰ লগতে দৃষ্টিশক্তি হেৰুৱাই পেলাই। সেইবাবেই এই ঘটনা সংঘটিত হয় ।
ৰোগীৰ এই ঘটনাৰ প্ৰতিবাদত চিকিৎসা মহাবিদ্যালয়ৰ ডাক্টৰ, নাৰ্চ আৰু কৰ্মচাৰীসকলে মহাবিদ্যালয় চৌহদত ধৰ্ণা কাৰ্যসূচী ৰুপায়ন কৰিছে। উল্লেখ্য যে চিকিৎসা মহাবিদ্যালয়খনত এগৰাকী প্ৰসুতিৰ মৃত্যুক কেন্দ্ৰ কৰি বিগত চাৰিদিন ধৰি সামাজিক মাধ্যমত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল এচাম লোকে। এনে পৰিস্থিতিত ৰাজ্যখনৰ একমাত্ৰ চিকিৎসা মহাবিদ্যালয়খনত এক অৰাজক অৱস্থাৰ সৃষ্টি হৈছে। চৰম নিৰাপত্তাহিনতাত ভুগিছে চিকিৎসক-নাৰ্চ আৰু কৰ্মচাৰীসকলে। ইয়াৰ পূৰ্বেও নাহৰলগুন চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকক প্ৰহাৰৰ বহুকেইটা ঘটনা সংঘটিত হৈছে।
এই ঘটনাৰ পাছত অৰুণাচল প্ৰদেশৰ ইন্দিয়ান মেডিকেল এছ'চিয়েছন, অৰুণাচল প্ৰদেশ ডাক্টৰছ এছ'চিয়েছন আৰু নাৰ্চ সংগঠনসমূহে প্ৰথম পৰ্যায়ৰ প্ৰতিবাদ হিচাপে ১২ ছেপ্তেম্বৰৰ পুৱা ৮ বজাৰ পৰা ৪৮ ঘন্টাৰ বাবে চৰকাৰী আৰু বেচৰকাৰী সকলো চিকিৎসালয়ৰ চিকিৎসা সেৱা বন্ধ থাকিব বুলি ঘোষণা কৰিছে।