ছাত্ৰীক আক্ৰমণ কৰি পলায়ন সন্যাসী শুনীল ৰাও ব্ৰহ্মচাৰী! অৰুণাচল আৰক্ষীৰ ব্যাপক অভিযান...

অৰুণাচলৰ লোহিত জিলাৰ পৰশুৰাম কুণ্ড মন্দিৰ চৌহদত শুকুৰবাৰে বিয়লিৰ ভাগত অসমৰ ধুবুৰী চহৰৰ এগৰাকী গৱেষক ছাত্ৰীকে ধৰি স্থানীয় আন এগৰাকী গৱেষক ছাত্ৰীৰ ওপৰত

author-image
Asomiya Pratidin
New Update
mooodd

ডিজিটেল সংবাদ, ধুবুৰীঃ  অৰুণাচলৰ লোহিত জিলাৰ পৰশুৰাম কুণ্ড মন্দিৰ চৌহদত শুকুৰবাৰে বিয়লিৰ ভাগত অসমৰ ধুবুৰী চহৰৰ এগৰাকী গৱেষক ছাত্ৰীকে ধৰি স্থানীয় আন এগৰাকী গৱেষক ছাত্ৰীৰ ওপৰত স্বঘোষিত গডমেন এজনে নৃশংস ভাবে আক্ৰমণ চলোৱা ঘটনাই ধুবুৰীত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে ধুবুৰীৰ চাৰ্চ ৰোড নিৱাসী দীপক দেৱনাথ আৰু জুঁই দাসৰ কণ্যা তিতিৰ দেৱনাথে প্ৰায় ৫ বছৰ ধৰি অৰুণাচলত বন্যপ্ৰাণীৰ আচৰণক লৈ গৱেষণা কৰি আছে।

তিতিৰ দেৱনাথ বাংগালুৰু স্থিত নেচনেল ইনস্টিটিউট অব এডভ্যান্স ষ্টাডিছ প্ৰতিষ্ঠানৰ পিএইচডি স্ক'লাৰ হিচাপে অৰুণাচল প্ৰদেশৰ ঘণ অৰণ্যত বিচৰন কৰি ফুৰা বিভিন্ন প্ৰজাতিৰ বান্দৰৰ আচৰণ সন্দৰ্ভত তথ্য সংগ্ৰহ কৰি ফুৰিছিল। তিতিৰ দেৱনাথৰ কণিষ্ঠ সহযোগী হিচাপে অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ ৱাক্ৰ থানাৰ অন্তৰ্গত কাহৰে গাওঁৰ নগেন ৰাংমাংগৰ কণ্যা ছাৰেং ৰাংমাংগ নামৰ ছাত্ৰী গৰাকীও এই অধ্যয়নত নিয়োজিত হৈ আছিল। কালি বিয়লি প্ৰায় ৪ বজাত দুয়োগৰাকী ছাত্ৰীয়ে অৰুণাচলৰ সেই পৰশুৰাম কুণ্ড মন্দিৰ চৌহদত উপস্থিত হৈ বান্দৰৰ বিচৰণ সন্দৰ্ভত তথ্য সংগ্ৰহ কৰি থাকোঁতে স্বঘোষিত গদমেন শুনীল ৰাও ব্ৰহ্মচাৰী নামৰ সন্যাসী জনে প্ৰথমে তিতিৰ দেৱনাথক বান্দৰৰ ফটো তুলিবলৈ বাধা আৰোপ কৰি প্ৰথমে দুয়োগৰাকী ছাত্ৰীকে অশ্ৰাব্য ভাষাত গালি-গালাজ কৰে।

ছাত্ৰী দুগৰাকীয়ে এই অন্চলত বন্যপ্ৰাণীৰ আচৰণ সন্দৰ্ভত অধ্যয়ন কৰাৰ কথা কৈ সন্যাসী জনক তেওঁলোকৰ পৰিচয় দিয়াৰ পিচতো সন্যাসী জনে উৰ্গমূৰ্তি ধাৰণ কৰি ছাত্ৰী দুগৰাকীৰ ওপৰত জঁপিয়াই পৰি নিৰ্মম ভাৱে প্ৰহাৰ কৰে। আনহাতে সন্যাসী জনৰ আক্ৰমণত গুৰুতৰ ভাবে আহত ছাত্ৰী দুগৰাকীৰ চিঞৰ বাখৰ শুনি মন্দিৰ চৌহদত থকা স্থানীয় ৰাইজ আৰু একাংশ সাধু ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে শুনীল ৰাও ব্ৰহ্মচাৰী নামৰ সন্যাসী জন তাৰ পৰা পলাই যায়।

ইপিনে এই ঘটনাৰ জনাজনি হোৱাত ৱাক্ৰ’ আৰু ইয়াৰ সমীপৰ  অঞ্চলত থকা ৰাইজে উক্ত ঘটনাক গৰিহণা জনোৱাৰ লগতে দোষীক উচিত শাস্তিৰ দাবীত পৰশুৰাম কুণ্ডত ধৰ্না কাৰ্যসূচী পালন কৰে।কালি সন্ধিয়া  ৬ বজাৰ পৰা নিশা ১১ বজালৈকে স্থানীয় ৰাইজে উক্ত ধৰ্না কাৰ্যসূচীত অংশ গ্ৰহণ কৰি  দোষীক শীঘ্ৰে "গ্ৰেপ্তাৰ কৰক", "ছাত্ৰীৰ ওপৰত অত্যাচাৰ কৰা নচলিব"  বুলি ধ্বনি তুলি স্থানীয় জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰে।

উক্ত ঘটনা সন্দৰ্ভত কালিয়েই ছাত্ৰী দুগৰাকীয়ে শুনীল ৰাও ব্ৰহ্মচাৰী নামৰ সন্যাসী জনৰ বিৰুদ্ধে লোহিত জিলাৰ ৱাক্ৰ থানাত এখন এজাহাৰো দাখিল কৰিছে। গুৰুতৰ ভাৱে আহত ছাত্ৰী দুগৰাকীক স্থানীয় চিকিৎসা লয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা হৈছে বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি ধুবুৰীৰ ছাত্ৰী তিতিৰ দেৱনাথৰ পিতৃ দীপক দেৱনাথে আজি ধুবুৰীৰ পৰা অৰুণাচল লৈ ৰাওণা হৈছে।

পৰিয়ালৰ সূত্ৰই সদৰী কৰা অনুসৰি আৰক্ষীয়ে ইতিমধ্যে শুনীল ৰাও ব্ৰহ্মচাৰী নামৰ সন্যাসী জনৰ পৰিচয় লাভ কৰাৰ লগতে তেওঁৰ কে এ ০৫ জেদ ৯০৩১ নম্বৰৰ মাৰুতি ছেণ্ট্ৰ' গাড়ী এখন জব্দ কৰিছে। আৰক্ষীয়ে লগতে তেওঁৰ ভোটাৰ কাৰ্ড, পান কাৰ্ড আৰু কিছু সংখ্যক পেনড্ৰাইভো জব্দ কৰিছে। আধাৰ কাৰ্ডত উল্লেখিত ঠিকনা অনুসৰি শুনীল ৰাও ব্ৰহ্মচাৰী নামৰ সন্যাসী জনৰ ঘৰ  কৰ্ণাটকৰ চিকামাগালুৰু জিলাত বুলি জানিব পৰা গৈছে। অৰুণাচল আৰক্ষীয়ে ইতিমধ্যে পলাতক সন্যাসী  শুনীল ৰাও ব্ৰহ্মচাৰীৰ সন্ধানত ব্যাপক তালাচী অভিযান চলাই থকা বুলি জানিব পৰা গৈছে।

অৰুণাচল প্ৰদেশ