অৰুণাচলৰ চিজোচাত পাকে পাগা উৎসৱ উদযাপন

পাকে পাগা খেল পথাৰত এক সৌন্দৰ্যময় পৰিৱেশৰ মাজত নৱম বাৰ্ষিক পাকে পাগা হৰ্ণবিল উৎসৱটি অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-19 at 9.57.08 AM

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ   ১৮  জানুৱাৰীৰ পৰা আৰুণাচল প্ৰদেশৰ চিজোচাত অনুষ্ঠিত হৈছে পাকে পাগা হৰ্ণবিল মহোৎসৱ ৷ বন্যপ্ৰাণী সংৰক্ষণ আৰু নিৰাপত্তাৰ দিশৰ প্ৰতি ৰাইজক সজাগ-সচেতৰ উদ্দেশ্যেৰে এইবাৰো অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ চিজোচাত ১৮ ৰ পৰা ২০ জানুৱাৰীলৈ চলিব এই মহোৎসৱ ৷ পাকে মানে বনাঞ্চল আৰু পাগা মানে হৈছে হৰ্ণবিল বা ধনেশ পক্ষী ৷ 

WhatsApp Image 2026-01-19 at 9.53.14 AM

পাকে পাগা খেল পথাৰত এক সৌন্দৰ্যময় পৰিৱেশৰ মাজত নৱম বাৰ্ষিক পাকে পাগা হৰ্ণবিল উৎসৱটি অনুষ্ঠিত হয়। উৎসৱত মেগা নৃত্য, মহিলা গোটৰ দ্বাৰা নালু টুকি অভিনয়, আদি যুদ্ধ নৃত্য (তাপু), য়াক নৃত্য আৰু যোবিনৰ লোকনৃত্য পৰিৱেশন কৰে। মুকলি সভাত অৰুণাচল প্ৰদেশ চৰকাৰৰ ভূমি ব্যৱস্থাপনা, অসামৰিক বিমান পৰিবহণ নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বালু ৰাজা, পাকে কেছাং বিধানসভা সমষ্টিৰ বিধায়ক বিয়ুৰাম ৱাগেকে ধৰি পাকে কেছাঙৰ আৰক্ষী অধীক্ষক, জিলা বন বিষয়া আৰু কেইবাগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে। 

WhatsApp Image 2026-01-19 at 9.52.43 AM

অনুষ্ঠানৰ মুখ্য অতিথি মন্ত্ৰী বালু ৰাজাই উল্লেখ কৰে যে, ২০১৫ চনত পাকে কেছাং জিলাৰ চিজুছাত আৰম্ভ হোৱা এই উৎসৱৰ লক্ষ্য হৈছে বনাঞ্চল আৰু বন্যপ্ৰাণী বিশেষকৈ অনন্য ধনেশ চৰাই সংৰক্ষণ কৰা। ভাৰতবৰ্ষক অৰুণাচল প্ৰদেশত থকা গছ-গছনিয়ে ৮০ শতাংশ অক্সিজেন প্ৰদান কৰি আহিছে। চোৰাং চিকাৰীয়ে ধনেশ চৰাইবোৰ বধ কৰি অহাত ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে। ইয়াৰ পাছতে মুখ্য অতিথি আৰু সন্মানীয় অতিথিসকলে খাদ্য আৰু প্ৰদৰ্শনীৰ ষ্টল পৰিদৰ্শন কৰে ৷  প্ৰকৃতি সংৰক্ষণৰ বাবে গাড়ী শোভাযাত্ৰাৰ ফ্লেগ-অফ কৰে মন্ত্ৰী বালু ৰাজাই। নৱম সংস্কৰণ পাগা হৰ্ণবিল উৎসৱত অৰুণাচলী লোকসকলো উপস্থিত থাকে।

WhatsApp Image 2026-01-19 at 9.53.46 AM

জামুগুৰিহাট চিজোচা