আঠদিনীয়া কাৰ্যসূচী আয়োজন অৰুণাচল ফেশ্বন উইক ২০২৬

উত্তৰ-পূৰ্বাঞ্চলৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাগত বস্ত্ৰশিল্পক বিশ্বৰ বজাৰত এক সুকীয়া মৰ্যাদা প্ৰদান কৰাৰ লক্ষ্যৰে অহা ১৪ মাৰ্চৰ পৰা অৰুণাচল প্ৰদেশত আৰম্ভ হ'ব 'অৰুণাচল ফেশ্বন উইক ২০২৬ – দ্য আৰ্টিজানছ মুভমেণ্ট'।

author-image
Asomiya Pratidin
New Update
new ap web  4.jpg (1)

ডিজিটেল ডেস্কঃ উত্তৰ-পূৰ্বাঞ্চলৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাগত বস্ত্ৰশিল্পক বিশ্বৰ বজাৰত এক সুকীয়া মৰ্যাদা প্ৰদান কৰাৰ লক্ষ্যৰে অহা ১৪ মাৰ্চৰ পৰা অৰুণাচল প্ৰদেশত আৰম্ভ হ'ব 'অৰুণাচল ফেশ্বন উইক ২০২৬ – দ্য আৰ্টিজানছ মুভমেণ্ট'। অৰুণাচল চৰকাৰৰ বস্ত্ৰ আৰু হস্তশিল্প বিভাগৰ উদ্যোগত নাহৰলগুনৰ ইণ্টেৰিয়ৰ পাৰ্কত এই আঠদিনীয়া কাৰ্যসূচী আয়োজন কৰা হৈছে। 

এই অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে । ৰাজ্যখনৰ পৰম্পৰাগত বস্ত্ৰশিল্প আৰু কাৰুশিল্পক প্ৰসাৰিত কৰি থলুৱা শিল্পীসকলৰ আৰ্থিক ভেটি শক্তিশালী কৰাই ইয়াৰ মূল লক্ষ্য । এই ফেশ্বন উইকৰ জৰিয়তে অৰুণাচলৰ আপুৰুগীয়া শিল্পকলাক আধুনিক ৰূপত উপস্থাপন কৰি নতুন প্ৰজন্ম তথা ব্যৱসায়ীসকলক আকৰ্ষিত কৰাৰ প্ৰয়াস কৰিছে।

উল্লেখ্য যে- এই অনুষ্ঠান আয়োজনৰ মূল লক্ষ্য হ'ল অৰুণাচলৰ দুৰ্গম অঞ্চলৰ শিপিনীসকলক এখন উপযুক্ত প্লেটফৰ্ম প্ৰদান কৰা। বিশেষকৈ মহিলা শিপিনীসকলৰ আৰ্থিক সবলীকৰণ আৰু থলুৱা বস্ত্ৰক এক উদ্যোগিক মাত্ৰা প্ৰদান কৰাই হৈছে ‘দ্য আৰ্টিজানছ মুভমেণ্ট’ৰ মূল উদ্দেশ্য। এইবাৰৰ ফেশ্বন উইকত নতুন প্ৰজন্মৰ ডিজাইনাৰ আৰু মডেলসকলকো বিশেষ সুযোগ প্ৰদান কৰা হৈছে। ইপিনে এই ৮ দিনীয়া কাৰ্যসূচীৰ জৰিয়তে বস্ত্ৰ আৰু ফেশ্বন খণ্ডক ৰাজ্যখনৰ অৰ্থনৈতিক আৰু সৃষ্টিশীল বিকাশৰ এক অন্যতম শক্তি হিচাপে গঢ়ি তোলাৰ চেষ্টা অব্যাহত থাকিব।

WhatsApp Image 2026-03-09 at 2.42.49 PM

অৰুণাচল