শিল্পী ৰেণু মহন্তৰ দেহাৱসান

শিল্পী ৰেণু মহন্তৰ দেহাৱসান। বাৰ্ধ্যক্যজনিত কাৰণত শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৰেণু মহন্তই। সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তৰ কন্যা ৰেনু মহন্তৰ জন্ম হৈছিল ১৯৩৮ চনৰ ১ জুনত । 

author-image
Asomiya Pratidin
New Update
শিল্পী ৰেনু মহন্তৰ দেহাৱসান

শিল্পী ৰেণু মহন্তৰ দেহাৱসান

ডিজিটেল সংবাদ, নগাঁও : শিল্পী ৰেণু মহন্তৰ দেহাৱসান। বাৰ্ধ্যক্যজনিত কাৰণত শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৰেণু মহন্তই। সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তৰ কন্যা ৰেনু মহন্তৰ জন্ম হৈছিল ১৯৩৮ চনৰ ১ জুনত । 

Advertisment

ৰেণু মহন্তৰ মৃত্যুৰ পাছতে নগাওঁ চহৰৰ নতুন আমোলাপট্টিৰ মহন্তৰ মৃত্যুত শোঁকৰ ছাঁ পৰিছে । অনাতাঁৰ শিল্পী হিচাপে স্বীকৃতিপ্ৰাপ্ত প্ৰয়াত মহন্তই সুৰৰ অঞ্জলী , আমাৰ সম্পদ, ফকৰাৰ থুনপাক গ্ৰন্থ ৰচনা কৰি থৈ গৈছে । মহন্তই ৰচনা কৰা বহু গীত অৰ্চনা মহন্ত , দ্বিজেন মহন্ত ,আৰিফুল হক , মৌচুমী মহন্ত , তৃষাৰাণী শইকীয়া আদিয়ে অনাতাঁৰ কেন্দ্ৰ যোগে পৰিবেশন কৰিছিল।  আন বহুগীত চি ডি , কেছেট আদি বহু শিল্পীৰ কন্ঠত বাণীবদ্ধ হৈ আছে । লগতে মহন্ত এগৰাকী সু অভিনেত্ৰীও আছিল । 

যোৰহাটৰত জন্ম গ্ৰহণ কৰা ৰেণু মহন্ত ১৯৫৯ চনত নগাঁৱৰ প্ৰয়াত হেমেন্দ্ৰ নাথ মহন্তৰ লগত বিবাহপাশত আবদ্ধ হৈছিল । মৃত্যৰ সময়ত মহন্তই তিনি সন্তানক এৰি থৈ গৈছে ।

ৰেনু মহন্ত