শিপ্লীক অপমান বিশ্বনাথ জিলা আয়ুক্তৰ...

জিলা আয়ুক্তই শিল্পীগৰাকীক কৰা অপমান সহ্য কৰিব নোৱাৰি শিল্পীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে নিজৰ সামাজিক মাধ্যমত আৰু এতিয়া এই ভিডিঅ হৈ পৰিছে ভাইৰেল

author-image
Asomiya Pratidin
New Update
246

ডিজিটেল সংবাদ, বিশ্বনাথ : এগৰাকী জিলা আয়ুক্তই এজন শিল্পীক অপমান কৰাক লৈ সম্প্ৰতি বিশ্বনাথত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।  জিলা আয়ুক্তই শিল্পীগৰাকীক কৰা অপমান সহ্য কৰিব নোৱাৰি শিল্পীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে নিজৰ সামাজিক মাধ্যমত আৰু এতিয়া এই ভিডিঅ হৈ পৰিছে ভাইৰেল।

উল্লেখ্য যে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী উপলক্ষে অহা ইংৰাজী ১৩ তাৰিখে গুৱাহাটীত ৰাজ্যৰ বিভিন্ন স্থানৰ ১ হাজাৰ শিল্পীয়ে একেলগে পৰিবেশন কৰিব ভূপেন হাজৰিকাৰ ২৩ টাকৈ গীত। যাৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাৰ শিল্পীসকল ব্যস্ত হৈ পৰিছে আখৰাত।

কিন্তু এই আখৰাৰ মাজতে বিশ্বনাথ জিলাৰ আয়ুক্ত সীমান্ত কুমাৰ দাসে প্ৰাঞ্জল ডেকা নামৰ শিল্পীজনক কৰা অপমানৰ বাবে শিল্পীগৰাকীয়ে এই অনুষ্ঠানত অংশ গ্ৰহন নকৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে। উল্লেখ্য যে তেজপুৰ বিধান সভা সমষ্টিৰ বিধায়ক পৃথিৰাজ ৰাভাৰ লগতে বিশ্বনাথৰ সংগীত জগতৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সোমবাৰে বিশ্বনাথৰ প্ৰাঞ্জল ডেকা নামৰ সংগীত শিল্পীগৰাকীয়ে প্ৰায়  ২০ গৰাকীকৈ শিল্পীক আখৰা কৰাত সহযোগ কৰি থকা সময়তে হঠাৎ আখৰা স্থানত প্ৰবেশ কৰে বিশ্বনাথ জিলাৰ আয়ুক্ত সীমান্ত কুমাৰ দাসে।

আখৰাস্থলীত উপস্থিত হৈয়ে প্ৰথমে শিল্পী প্ৰাঞ্জল ডেকাক পোনে পোনে আখৰা কৰি থকা গীতটি অকলে গাবলৈ দিয়ে। শিল্পী প্ৰাঞ্জলে উক্ত গীতটি সুন্দৰকৈ পৰিবেশন কৰাৰ পিছতে জিলা আয়ুক্তগৰাকীয়ে সকলোৰ উপস্থিতিত অপমানসূচক মন্তব্য কৰে।

যাৰ বাবে এতিয়া অপমান বোধ কৰা প্ৰাঞ্জলে আয়ুক্তগৰাকীক কিদৰে গীত গাব লাগে, ক'ত ভুক হৈছিল সেয়া ক'বলৈ অনুৰোধ কৰাৰ লগতে গীতটো আয়ুক্তগৰাকীক গাবলৈ অনুৰোধ কৰিছে। ইফালে এই ঘটনাৰ পিছতে বিশ্বনাথৰ ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

বিশ্বনাথ