কৃত্ৰিম বুদ্ধিমত্তা : পিছ পৰি ৰোৱা নাই ভাৰত

বিশ্বৰ বিভিন্ন দেশৰ সমানে সমানে আগবাঢ়িছে ভাৰত। শেহতীয়াকৈ অপেন এ আয়ে আনুষ্ঠানিকভাৱে এটা ভাৰতীয় ইউনিট স্থাপন কৰি চলিত বৰ্ষৰ শেষৰ ফালে নতুন দিল্লীত প্ৰথমটো কাৰ্যালয় মুকলি কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে।

author-image
Asomiya Pratidin
New Update
176

ডিজিটেল ডেস্ক : এতিয়া সৰ্বত্ৰতে কৃত্ৰিম বুদ্ধিমত্তাৰ আধিপত্য। বিশ্বৰ বিভিন্ন খণ্ডত এ আই অথবা কৃত্ৰিম বুদ্ধিমত্তাৰে সম্পন্ন হয় বিভিন্ন কাম- কাজ। 

Advertisment

এই ক্ষেত্ৰত বিশ্বৰ বিভিন্ন দেশৰ সমানে সমানে আগবাঢ়িছে ভাৰত। শেহতীয়াকৈ অপেন এ আয়ে আনুষ্ঠানিকভাৱে এটা ভাৰতীয় ইউনিট স্থাপন কৰি চলিত বৰ্ষৰ শেষৰ ফালে নতুন দিল্লীত প্ৰথমটো কাৰ্যালয় মুকলি কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে।

তাৰোপৰি এই ইউনিটোৰ দ্বাৰা ভাৰতে এ আইৰ ক্ষেত্ৰত অনাগত সময়ত আৰু অধিক সাফল্য লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে অপেন এ আইৰ মুৰব্বী তথা বিষয়াসকলে।

এ আই প্ৰযুক্তি