নয়নতৰা, দোৰোণ, মেথিঃ খালে নহয় ক্ষতি..

নয়নতৰা, দোৰোণ, মেথিঃ খালে নহয় ক্ষতি..

author-image
Asomiya Pratidin
New Update
নয়নতৰা, দোৰোণ, মেথিঃ খালে নহয় ক্ষতি..

"চাৰি কুৰিৰ তলত পাবলৈ নাই, পাচলিৰ এনে দাম কাহানিও শুনা নাই"...কিন্তু মূল্যবান পাচলিৰো আছে বহু বিকল্প। মূল্যবৃদ্ধি হোৱা পাচলিৰ অবিহনেও যে আপুনি এক সুস্থ জীৱন জীয়াই থাকিব পাৰে সেই সন্দৰ্ভত চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন..

Advertisment

"বাটৰ দুবৰি বন গছকত পৰা তাৰো এটি পাতে দিয়ে স্বৰ্গৰ বতৰা" - দুবৰি বন অতি সাধাৰণ এবিধ তৃণ কিন্তু সাধাৰণ যেন লগা তৃণ বিধৰ আছে বহু উপকাৰিতা। ঔষধি গুণেৰে ভৰপুৰ দুবৰিক আয়ুর্বেদিক শাস্ত্রত মহৌষধী বোলা হয়। এনে ধৰণৰ বহু শাক-পাচলিৰে ভৰ-পূৰ অসম। পিৰালিৰ পালেঙৰ পৰা গছকৰ দুবৰি পৰ্যন্ত ভিটামিন, কেলছিয়াম, ফচফৰাচ আদি ধাতৱ পদাৰ্থবোৰৰ মেটমৰা ভঁৰাল। চকুৰ আগতে পোৱা এই ধৰণৰ কেইবিধমান ভেষজ হৈছে- বক ফুল, মেথি শাক, দোৰোণ আৰু নয়নতৰা।

প্ৰায়ে শুনিবলৈ পোৱা পোৱা এষাৰ কথা- মহঙা হ'ল শাক-পাচলি। হাতত এমুঠি টকা লৈ গ'লে আধাও নভৰে গ্ৰাহকৰ মোনা। ইয়াৰ সমাধাও আমাৰ চাৰিওকাষে আছে। আমি বহু দৰ দি কিনি অনা কিছুমান পাচলিৰ বিকল্প হ'ব পাৰে সহজতে পোৱা শাক-পাচলি। সহজতে পোৱা বুলি আওকাণ কৰো যদিও, এনেবোৰ শাকত আছে শৰীৰৰ বাবে প্রয়োজনীয় বহু পুষ্টিকৰ উপাদান।

বক ফুল অসমীয়াৰ মুখৰুচিকৰ এবিধ খাদ্য ৷এই ফুলবিধ শীত কালত হয় ৷ বকফুলৰ পাতত জ্বলা,তিতা আৰু মিঠা ৰস থাকে বাবে ই বহু ঔষধি গুণেৰে ভৰপুৰ।
বকফুল কৃমি,কফ,বিষ আৰু ৰক্তপিত্তৰ বাবে উপকাৰী। বকফুলে বুদ্ধি আৰু স্মৃতিশক্তি বৃদ্ধি কৰে।বকফুলৰ পাত বা ফুল ঘিউত ভাজি খালে কুকুৰিকণা বেমাৰ ভাল হয় বুলিও জনবিশ্বাস আছে।

তেজৰ কলেষ্টেৰল নিয়ন্ত্ৰণতো বকফুলৰ বিশেষ ভূমিকা আছে। ফুলত প্ৰটিন, ভিটামিন চি থাকে। ৰঙা ফুলত প্ৰচুৰ পৰিমাণে আইৰণ আৰু ভিটামিন বি পোৱা যায় বুলি কোৱা হয়।বকফুলত থকা আঁহ, কেলৰি, প্ৰটিন, ফছফৰাছ,আইৰণ, ভিটামিন চি, খনিজ পদাৰ্থই শৰীৰ সুস্থ কৰি নিৰোগী কৰি ৰাখে।

এনেধৰণৰ অন্য এবিধ শাক হৈছে মেথি- আপুনি যদি কোষ্ঠকাঠিন্য বা হজমৰ সমস্যাত ভূগি আছে তেন্তে মেথি শাক আপোনাৰ বাবে উপকাৰী। গাঁঠিৰ বিষৰ সমস্যাত মেথি খোৱাটো অতি উপকাৰী। মেথিত আয়ৰণ, পটাছিয়াম, কেলচিয়াম, ছেলেনিয়াম, কপাৰ, জিংক, মেংগানিজ আৰু মেগনেছিয়াম ইত্যাদি ভৰপূৰ পৰিমাণে পোৱা যায়।

তদুপৰি ইয়াত থিয়ামিন, ফলিক এচিড, ৰাইব’ফ্লডিন প্রি’ডক্সিন, নিয়াচিন আৰু ভিটামিন এ আৰু ভিটামিন চি আছে। পাতত ভিটামিন আৰু লৱণসমূহ বেছিকৈ থকা বাবে শৰীৰটোৱে সোনকালে শোষণ কৰিব পাৰে। মেথি শাকত এন্টিঅক্সিডেন্ট থাকে। এই এন্টিঅক্সিডেন্টে বহু সমস্যা দূৰ কৰিব পাৰে। ইয়াৰ বাহিৰেও মেথি শাকত ভিটামিন আৰু খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে পোৱা যায়। গতিকে এই শাকবিধ সকলোৰে বাবে যথেষ্ট উপকাৰী।

  PC- 118
PC- 118

দোৰোণ বনৰ ঔষধি গুণ নহৰু,নেমুটেঙা, তুলসী আৰু অমৰ লতাতকৈ কোনো গুণে কম নহয় বুলিব পাৰি।ইয়াৰ কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নাই। গতিকে সৰু ডাঙৰ সকলো লোকে নিশ্চিন্ত মনে খাব পাৰে।

উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ বাবেও দোৰোণ অতি ক্ষতি কাৰক নহয়। যি সকলে ইয়াৰ গোন্ধটো বেয়া পায়, তেওঁলোকে নিজে ভাল পোৱা সুগন্ধি শাক যেনে -পদিনা /মুছন্দৰী/পনৌনৱা আদি জাতিয় শাকৰ লগত মিহলাই খাব পাৰে। দোৰোণৰ বিশিষ্ট গুণ সমূহ হৈছে এইবিধ বিষ হাৰক, জ্বৰ নাশক, এন্টিফাংগেল ( ভেকুঁৰ প্ৰতিৰোধী), এন্টি বেক্টেৰিয়েল (বেক্টেৰিয়া প্ৰতিৰোধী), এন্টি অক্সিডেন্ট(ৰোগ প্ৰতিৰোধক), কৃমি নাশক। লিভাৰ, কাহ আৰু ডায়েবেটিছৰ বাবেও দোৰোণ অতি উপকাৰী।

দোৰোণ বনৰ শাক খালে হজম শক্তি বাঢ়ে।আভোক, অৰুচি নোহোৱা কৰে। মেলেৰিয়া জ্বৰ,পাল জ্বৰ, লিভাৰ জনিত সমস্যা আদিত দোৰোণ বনৰ ৰস অতি উপকাৰী।দোৰোণ বনৰ পাতৰ ৰস, ফুল অৰ্শ কৃমি সমস্যাত উপকাৰী।

জ্বৰ হ'লে দোৰোণ বনৰ পাতৰ ৰস এক-দুই চামুচৰ লগত ৫/৬ টা মান জালুক মিহলাই খালে উপকৃত হয় । চৰ্ম ৰোগ নাশক, খজুৱতি হ'লে দোৰোণৰ পাতৰ ৰস লগালে উপশম পোৱা যায় ।চাইনাচত দোৰণৰ ৰস নাকেৰে উজালে উপকাৰ পোৱা যায়।

নয়নতৰা হৈছে এবিধ অতি পুষ্টিকৰ ভেষজ তথা বনৌষধ। বিশ্বৰ বহুতো ঠাইত তথা ভাৰত আৰু অসমত পোৱা এবিধ উৎকৃষ্ট ভেষজ নয়নতৰা ফুল। নয়নতৰা ভেষজবিধৰ স্বাস্থ্যৰ ক্ষেত্ৰত বহু উপকাৰিতা আছে। এইবিধ উদ্ভিদক ডায়েবেটিছ, ডিঙি বিষ, হাওঁফাওঁৰ ভিৰ হ্ৰাস কৰাৰ বাবে, ছাল সংক্ৰমণ, চকুৰ জ্বলা-পোৰা, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ আৰু কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰাকে ধৰি বহুতো স্বাস্থ্যৰ বিসংগতিৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়।

নয়নতৰা উতলাই খালে শৰীৰত ইনচুলিনৰ স্তৰ নিয়ন্ত্ৰণ কৰা আৰু উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে।নয়নতৰা ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰাৰ সম্ভাৱনাৰ বাবে জনাজাত। নয়নতৰা পাতৰ পৰা আহৰণ কৰা তেলে নাকৰ পৰা ৰক্তক্ষৰণ নিৰাময় কৰাত সহায় কৰিব পাৰে।নয়নতৰা উদ্ভিদৰ পাত আৰু বীজত ভাল পৰিমাণৰ Vincamine থাকে, ই স্মৃতি শক্তি বৃদ্ধি কৰাত সহায় কৰে।

নয়নতৰা উদ্ভিদ হৈছে Leukemia, Hodgkin’s disease, Malignant lymphomas, Neuroblastoma, Wilms tumour আৰু Kaposi’s sarcoma কে ধৰি কৰ্কট ৰোগৰ বাবে এক জনপ্ৰিয় ভেষজ চিকিৎসা। আলঝেইমাৰ (Alzheimer’s) ৰোগীৰ ক্ষেত্ৰতো নয়নতৰা উপকাৰী।

গতিকে মূল্যবৃদ্ধিৰ বাবে চিন্তিত নহৈ আপোনাৰ চকুৰ আগত থকা খাদ্য সামগ্ৰীৰেও আপুনি নিৰোগী আৰু সুস্থ জীৱন-যাপন কৰিব পাৰে। এপাক চকু ফুৰাই চালে হ'ল।

NAYANTORA methi saak bok ful durun vegetable price hike