/asomiyapratidin/media/media_files/2025/11/22/277-2025-11-22-21-29-54.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : শনিবাৰে বিশিষ্ট কবি, অসমৰ প্ৰথম গৰাকী মুকবধিৰ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক, যোৰহাট চৰকাৰী বধিৰ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অতুল চন্দ্ৰ ঠাকুৰীয়াৰ পবিত্ৰ সোঁৱৰণীত জ্যোতি চিত্ৰবনত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ ৰামধেনু উপ-সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ কাহিলীপাৰা শাখা সাহিত্য সভাৰ সহযোগত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায়। মূল সভাৰ আদিতে প্ৰয়াত অতুল চন্দ্ৰ ঠাকুৰীয়াৰ স্থিৰ চিত্ৰত বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্ঘ্য অৰ্পণ কৰে প্ৰয়াত ঠাকুৰীয়াৰ পত্নী লক্ষহীৰা ঠাকুৰীয়াই।
ইয়াৰ পিছতে অতুল চন্দ্ৰ ঠাকুৰীয়াৰ স্মৃতিচাৰণ কৰে শাখা সাহিত্য সভাৰ সভাপতি গজেন্দ্ৰ চন্দ্ৰ বৰদলৈ আৰু প্ৰশান্ত মাধৱ গোস্বামীয়ে। ইয়াৰ পিছতে শাখা সাহিত্য সভাৰ সভাপতি বিতুমণি গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত প্ৰয়াত অতুল চন্দ্ৰ ঠাকুৰীয়াৰ কাব্য সংকলন "জীৱনৰ মূল্য" উন্মোচন কৰি বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা, শিল্পী হেম চন্দ্ৰ বৰাই কয়- 'অতুল চন্দ্ৰ ঠাকুৰীয়াৰ সামাজিক চিন্তাধাৰা অতুলনীয়। তেওঁৰ ব্যক্তিত্ব ই আমাক মোহিত কৰিছিল।' সভাৰ অতিথি অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ড০ সঞ্জীৱ কুমাৰ শৰ্মাই কয়- "ভাষা কোনো কালে অন্তৰায় নহয়। অসমীয়া ভাষাৰ সংকট কোনোকালে নহয়। ৩৯টা ভাষা জানিছিল হৰিনাথ দে' । উত্তৰ পূৰ্বাঞ্চলৰ ২৭৬টা ভাষা এটিও জীয়াই আছে।"
সভাত অংশ লৈ কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মনে কয়- "থলুৱা ভাষাৰ সংক্ষণত গুৰুত্ব দিব লাগে।" সভাত জিলা সাহিত্য সভাৰ সম্পাদক অৰুণ কুমাৰ মহন্ত, সাহিত্যিক ড০ যতীন্দ্ৰ নাথ ডেকা, জিলা সাহিত্য সভাৰ ৰামধেনু উপ-সমিতিৰ কাৰ্যকৰী সভাপতি কাবেৰী দাস, প্ৰচাৰ আহ্বায়ক দীপক শৰ্মা, সাংগঠনিক সম্পাদক ধনজিৎ তালুকদাৰ, অখিল চন্দ্ৰ দাস, সহকাৰী সম্পাদক মুকুট দাস অতিথি হিচাপে অংশগ্ৰহণ কৰি অতুল চন্দ্ৰ ঠাকুৰীয়াৰ সাহিত্য কৃতিৰ ওপৰত আলোকপাত কৰে।
সভাত শাখা সাহিত্য সভাৰ উপ-সভাপতি প্ৰেমলতা ফুকন, সম্পাদক কবিতা হাজৰিকা, আকশ উপ-সমিতিৰ কল্পনা গগৈ আদিও উপস্থিত থাকে। সভাৰ আঁত ধৰে ড০ ধৰ্মৰাম ডেকাই। অতুল চন্দ্ৰ ঠাকুৰীয়াৰ স্মৃতিত আয়োজন কৰা চিত্ৰাংকণ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে মৃগাক্ষী অধিকাৰী, দ্বিতীয় পৰিস্মিতা ডেকা আৰু তৃতীয় স্থান লাভ কৰে মঞ্জু নাথে(মূকবধিৰ ছাত্ৰ)।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us