/asomiyapratidin/media/media_files/2025/12/20/hiohuiu-2025-12-20-09-48-53.jpg)
ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাত সমজিলাৰ কুৰুৱাবাহীৰ গ্ৰামাঞ্চলত আৰ্ছেনিকযুক্ত পানীয়ে জনস্বাস্থ্যৰ প্ৰতি ব্যাপক ভাবুকি সৃষ্টি কৰাৰ বাতৰি ইতিমধ্যে 'অসমীয়া প্ৰতিদিন'ৰ পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ পাইছে। আৰ্ছেনিকযুক্ত পানী সেৱনৰ ফলত কেন্সাৰকে আদি কৰি বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে কুৰুৱাবাহীত।
কিছুদিন পূৰ্বলৈকে কেৱল আৰ্ছেনিকযুক্ত পানী সেৱনৰ বাবেই কুৰুৱাবাহীবাসীৰ মাজত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱৰ প্ৰসংগই চৰ্চা লাভ কৰি আহিছিল যদিও শেহতীয়াকৈ শস্য ক্ষেত্ৰত এই পানীৰ কু-প্ৰভাৱে চিন্তিত কৰি তুলিছে ৰবি শস্যৰ কৃষকসকলকো।
উল্লেখ্য যে, গোলাঘাট জিলাখনৰ ভিতৰতেই ৰবি শস্যৰ ক্ষেত্ৰখনত কুৰুৱাবাহীৰ কৃষকৰ এক বিশেষ সুনাম আছে। ইয়াৰ কৃষি পথাৰ সমূহত উৎপাদিত ৰবি শস্যই বিগত সময়চোৱাত বহিঃৰাজ্যৰ ব্যৱসায়ীকো আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এইবছৰো ইয়াৰ কৃষকসকলে চিনাকান, কলাবৰীয়া চাপৰি, যোগনীয়া, চহলা, নিকৰি, ৰঙাগড়া, এলেংমাৰী, ধনশিৰি চাপৰি আদি অঞ্চলত ব্যাপক হাৰত ৰবি শস্যৰ খেতি কৰিছে। অৱশ্যে এই ক্ষেত্ৰত ৰাজ্যৰ বিয়াগোম কৃষি বিভাগৰ সহযোগতকৈও কৃষক ৰাইজে ব্যক্তিগত ভাৱেই অৰ্থাৎ নিজা খৰচত বীজ, সাৰ আদিৰ ব্যৱস্থা কৰিছে যদিও অঞ্চলটোৰ পানীত আৰ্ছেনিকৰ বিষয়টোয়ে কৃষিৰ ক্ষেত্ৰখনলৈও ভাবুকি আনিছে বুলি জানিবলৈ দিছে একংশ সচেতন কৃষকে।
"কিছুদিন পূৰ্বলৈকৈ আমি আৰ্ছেনিকযুক্ত পানী সেৱনৰ ভয়াবহতাৰ প্ৰতি সচেতন আছিলো, কিন্তু এতিয়া এই পানীয়ে আমাৰ ৰবি খেতিটো ব্যাপক প্ৰভাৱ পেলাইছে। পানী মটৰৰ যোগেদি ভূ-গৰ্ভৰ যি পানী আমাৰ খেতিত দি থকা হৈছে সেয়াই মাটিৰ গুণাগুণ একেবাৰে নষ্ট কৰি দিয়া অনুভৱ হৈছে ফলত আশাকৰাৰ দৰে ৰবি শস্যৰ পুলিৰ বৃদ্ধি আৰু বিকাশ হোৱা নাই ।" - এই মন্তব্য চিনাকান গাঁৱৰ সচেতন কৃষক দিগন্ত শইকীয়াৰ।
উল্লেখ্য যে, কুৰুৱাবাহী অঞ্চলৰ কেইবাখনো গাঁৱৰ কৃষকে জানিবলৈ দিয়া অনুসৰি চলিত বৰ্ষত ৰবি শস্যৰ বাবে যি পৰিমানৰ বৰষুণৰ প্ৰয়োজন হৈছিল সেয়া নোহোৱাৰ বাবে ৰবি শস্যৰ পথাৰত কৃষকে ব্যক্তিগত প্ৰচেষ্টাত ভূ-গৰ্ভৰ আৰ্ছেনিকযুক্ত পানীকে নিয়মীয়াকৈ দি থাকিব লগীয়া হৈছে আৰু ইয়াৰ ফলত পথাৰৰ ধূলিয়ৰি মাটি কঠিন চপৰালৈ পৰিৱৰ্তন হৈছে লগতে এই কঠিন চপৰা মাটিৰ বাবে শস্যত দিয়া সাৰ আদিয়ে বিশেষ ফলাফল দিব পৰা নাই। মাটিৰ গুণাগুণ দ্ৰুত গতিত হ্ৰাস পাইছে ফলত অনাগত ভবিষ্যতত কৃষি কাৰ্যত ভয়ংকৰ বিপদ আহিব বুলি আশংকা কৰা হৈছে।
ইফালে, ২০১৬ চনত বোকাখাতৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ দুটাকৈ কাৰ্যকাল অতিবাহিত কৰি থকা মন্ত্ৰী অতুল বৰাক বোকাখাতৰ কৃষি পথাৰসমূহত উপযুক্ত জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ ৰাইজে দাবী কৰি আহিছে যদিও এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই মন্ত্ৰী গৰাকীয়ে ফলত একাংশ কৃষকে ব্যক্তিগত প্ৰচেষ্টাত জলসিঞ্চনৰ ব্যৱস্থা কৰিছে যদিও আৰ্ছেনিকযুক্ত পানীকে জলসিঞ্চনত ব্যৱহাৰ কৰি থাকিব লগীয়া হৈছে।
আনহাতে আৰ্ছেনিকযুক্ত পানী কৃষি পথাৰত ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে বিল, জলাশয়,নদী আদিৰ পানী ব্যৱহাৰ কৰিব পৰাকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে কুৰুৱাবাহীৰ কৃষকে। তেওঁলোকে জানিবলৈ দিয়া অনুসৰি কুৰুৱাবাহীৰ কৃষি পথাৰসমূহৰ সমিপত যঠেষ্ট এনে বিল, জলাশয় আদি আছে আৰু এইবোৰৰ পানী ব্যৱহাৰ কৰিব পৰাকৈ চৰকাৰখনে নিশ্চিত ভাৱে ব্যৱস্থা গ্ৰহণ কৰি কৃষকক উপকৃত কৰিব পাৰে। লগতে কৃষকসকলে জানিবলৈ দিয়া অনুসৰি এইদৰে কুৰুৱাবাহীত ৰবি শস্যৰ হওক বা আন কৃষিৰ পথাৰসমূহত উপায়ন্তৰ ভাৱে যদি এনেদৰে আৰ্ছেনিকযুক্ত পানী ব্যৱহাৰ কৰি থকা হয় তেনে অদূৰ ভৱিষ্যতে ভয়ংকৰ বিপদত পৰিব স্থানীয় কৃষকসকল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us