/asomiyapratidin/media/media_files/2026/02/27/whatsapp-image-202-2026-02-27-16-56-45.jpeg)
ডিজিটেল সংবাদ, মেৰাপানীঃ এইবাৰ গোলাঘাট জিলাৰ মেৰাপানীত ধনদাবীৰ অভিযোগত আটক হ'ল বীৰ লাচিত সেনা অসমৰ গোলাঘাট জিলাৰ তিনিজন সদস্য। মেৰাপানী আৰক্ষী থানাৰ নাতিদূৰতেই এখন ফাৰ্মাচীত ধনদাবী কৰিছিল সদস্যকেইজনে। ইতিমধ্যে মেৰাপানী আৰক্ষীয়ে বীৰ লাচিত সেনাৰ এই তিনিজন সদস্যক আটক কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/27/capturethghghghghgh-2026-02-27-16-55-26.jpg)
অভিযোগ অনুসৰি, মেৰাপানীৰ এম এছ পলাশ ফাৰ্মাচী নামৰ ঔষধৰ দোকানত গৈ ৫০ হাজাৰ টকা দাবী কৰিছিল বীৰ লাচিত সেনাৰ কেইজনমান সদস্যই। ফাৰ্মাচীখনৰ স্বত্বাধিকাৰী পলাশ ফুকনে এই সন্দৰ্ভত মেৰাপানী আৰক্ষীৰ ওচৰত লিখিত অভিযোগ দাখিল কৰে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই বীৰ লাচিত সেনাৰ গোলাঘাট জিলা উপ-সভাপতি বিতুপন শৰ্মা, মুখ্য সচিব প্ৰতাপ শইকীয়া আৰু সাংগঠনিক সম্পাদক ৰাজা আহমেদক আটক কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/27/capturertrtrere-2026-02-27-16-55-38.jpg)
আনহাতে, আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত AS03C9444 নম্বৰৰ এখন অল্টো বাহনো জব্দ কৰিছে।ঘটনাটোক লৈ অঞ্চলটোত ব্যাপক চাঞ্চল্য বিৰাজ কৰিছে। আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us