ডিজিটেল ডেস্ক : বিপদত পৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ লগতে প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী যোয়াভ গেলেণ্ট আৰু হামাছৰ কেইবাজনো নেতা।
এই আটাইকেইগৰাকীৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালত ন্যায়াধীশৰ তৰফৰ পৰা গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে। যুদ্ধ অপৰাধ আৰু মানৱ বিৰোধী অপৰাধৰ অভিযোগ উত্থাপন কৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰী, প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী আৰু হামাছৰ কেইবাজনো নেতাৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা।
ইফালে ইজৰাইল আৰু হামাছে আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতৰ এই অভিযোগ নাকচ কৰা বুলি এক সূত্ৰে জানিব পৰা গৈছে। অৱশ্যে এই ক্ষেত্ৰত অন্য এটা কথা অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।
সেয়া হৈছে- আন্তঃ ৰাষ্ট্ৰীয় অপৰাধ আদালত চমুকৈ আই চি চিৰ অধীনৰ ১২৪খন ৰাষ্ট্ৰৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব ইজৰাইলৰ প্ৰধানমন্ত্ৰীকে ধৰি বাকী কেইজন নেতা তথা মন্ত্ৰী গ্ৰেপ্তাৰ হয় নে নহয়। আমেৰিকাৰ বাহিৰে বাকী কেইখন ৰাষ্ট্ৰই সন্মতি দিলেই গ্ৰেপ্তাৰ হ’ব প্ৰধানমন্ত্ৰীৰ লগতে প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী যোয়াভ গেলেণ্ট আৰু হামাছৰ কেইবাজনো নেতা।
উল্লেখ্য যে ২০২৩ চনৰ পেলেষ্টাইনৰ ভূখণ্ডত ইজৰাইলৰ আক্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী আৰু প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰীৰ ভূমিকাক লৈও প্ৰশ্ন উঠিছে। কিয়নো উক্ত সময়ছোৱাত গাজাৰ জনতাক খাদ্য, পানী, ঔষধ আদি যোগান ধৰাৰ ক্ষেত্ৰত জানি বুজি তথা ইচ্ছাকৃতভাৱে প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে বাধা হৈ থিয় দিছিল। এই সমূহ অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা এই দুই নেতাৰ বাবে বঞ্চিত হৈছিল গাজাবাসী।