ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকীৰ আয়োজন

ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত অহা ৫ নবেম্বৰত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উদযাপন কৰিবলৈ আয়োজন কৰা হৈছে

author-image
Asomiya Pratidin
New Update
107

ডিজিটেল সংবাদ, ওদালগুৰি : ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত অহা ৫ নবেম্বৰত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উদযাপন কৰিবলৈ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত পুলক পাটগিৰিয়ে এক সংবাদমেল সম্বোধন কৰে।

সংবাদমেলখনত জিলা আয়ুক্তগৰাকীয়ে কয়, ৫ নৱেম্বৰ তাৰিখে ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত সুধাকণ্ড ড° ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানত দিনৰ ১১ বজাত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি তথা পুষ্পাঞ্জলি অৰ্পন কৰা হ'ব।

ইয়াৰ পাছত পৰিৱেশন কৰা হ'ব সুধাকণ্ঠৰ কেইৱাটাও গীত সংলগ্ন কৰি প্ৰস্তুত কৰা কোৰাচ। পৰৱৰ্তী কাৰ্যসূচী অনুসৰি উপস্থিত মূখ্য অতিথিৰ ভাষণ প্ৰদানৰ পাছতে পাঁচ হাজাৰ লোকৰ উপস্থিতিত পৰিৱেশন কৰা হ'ব সুধাকণ্ঠৰ কালজয়ী গীত "মানুহে মানুহৰ বাবে"।

সমান্তৰালভাৱে নিৰ্মাণ কৰা হ'ব মানৱ শৃংখলো। এই কাৰ্যসূচীত ওদালগুৰি জিলাৰ বিদ্যালয়-মহাবিদ্যালয়সমূহৰ শিক্ষাৰ্থী, অংগনাবাড়ী কৰ্মী, আত্মসহায়ক গোটৰ কৰ্মী, অসম ৰাজ্যিক গ্ৰাম্য জিৱিকা অভিযানৰ কৰ্মী, বেচৰকাৰী সংস্থা আৰু জিলাখনৰ ৰাইজে অংশগ্ৰহণ কৰিব। 

ইয়াৰোপৰি ভাৰতৰ লৌহ মানৱ চৰ্দাৰ বল্লৱভাই পেটেলৰ ১৫০ সংখ্যক মৃত্যু বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ওদালগুৰি জিলাৰ দুটাকৈ মহকুমাত একতাৰ পদযাত্ৰা বাহিৰ কৰা হ'ব। ওদালগুৰি মহকুমাত অহা ৭ নৱেম্বৰত ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ গান্ধী মণ্ডপৰ পৰা স্থানীয় বিষ্ণুৰাভা কৃষ্টি সংঘলৈ গৈ পুনৰ গান্ধী মণ্ডপলৈ উভতি আহিব।

একেদৰে ভেৰগাও মহকুমাত অহা ১২ নৱেম্বৰত খৈৰাবাৰী মহাবিদ্যালয়ৰ পৰা খৈৰাবাৰী ব্লক অফিচলৈ গৈ পুনৰ খৈৰাবাৰী মহাবিদ্যালয়লৈ উভতি আহিব। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ইতিমধ্যে বিদ্যালয়-মহাবিদ্যালয়সমূহত ৰচনা প্ৰতিযোগিতা, পোষ্টাৰ প্ৰস্তুত প্ৰতিযোগিতা চলি থকাৰ কথা উল্লেখ কৰি দুয়োটা অনুষ্ঠানতে ৰাইজৰ সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে জিলা প্ৰশাসনে।

সুধাকণ্ঠ ওদালগুৰি