এদিনীয়া ক্ৰিকেটক বিদায় অষ্ট্ৰেলিয়াৰ অধিনায়ক ফিন্সৰ...

শনিবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয় তথা অন্তিম এদিনীয়া খেলৰ পিছত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ফিন্সৰ

author-image
Asomiya Pratidin
New Update
এদিনীয়া ক্ৰিকেটক বিদায় অষ্ট্ৰেলিয়াৰ অধিনায়ক ফিন্সৰ...

aron finch

ডিজিটেল ডেস্কঃ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ অধিনায়ক এৰণ ফিন্সৰ। শণিবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ তৃতীয় তথা অন্তিম এদিনীয়াৰ পাচতে অধিনায়ক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত অৱসৰ ঘোষণা কৰে। অৱশ্যে তেওঁ টী-২০ ক্ৰিকেট খেলি যাব।

Advertisment

অধিনায়ক গৰাকীয়ে ১৪৬ খন এদিনীয়াত অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰি ১৭ টা শতক আৰু ৩০ টা অৰ্ধ শতকৰে ৫,৪০৬ ৰাণ সংগ্ৰহ কৰিছিল। উল্লেখ্য যে ৩৫ বছৰীয়া ফিন্স আই পি এলৰ দল কলকাতা নাইট ৰাইডাৰ্ছৰ নিয়মীয়া খেলুৱৈ।

aus cricket aron finch