আৰোহণ আৰ্টিষ্ট গীল্ডৰ প্ৰতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী বৰ্ষ উদযাপন

আৰোহণ আৰ্টিষ্ট গীল্ডৰ উদ্যোগত অসম সাহিত্য সভাৰ লক্ষীৰাম‌ বৰুৱা প্ৰেক্ষাগৃহত কালি ৰাজ্যৰ ভিন-ভিন ক্ষেত্ৰৰ কুৰিজন বিশিষ্ট ব্যক্তিক "আৰোহণ বঁটা" প্ৰদান কৰে।

author-image
Asomiya Pratidin
New Update
df

ডিজিটেল সংবাদ,গুৱাহাটী: ৰাজ্যখনৰ পথিকৃৎ শিক্ষা-সাহিত্য-সমাজ-সাংস্কৃতিক অনুষ্ঠান "আৰোহণ আৰ্টিষ্ট গীল্ড"ৰ প্ৰতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে এলানি ভিন-ভিন কাৰ্যসূচী ৰূপায়নৰ প্ৰয়াস কৰিছে। আৰোহণ আৰ্টিষ্ট গীল্ডৰ উদ্যোগত অসম সাহিত্য সভাৰ লক্ষীৰাম‌ বৰুৱা প্ৰেক্ষাগৃহত কালি ৰাজ্যৰ ভিন-ভিন ক্ষেত্ৰৰ কুৰিজন বিশিষ্ট ব্যক্তিক "আৰোহণ বঁটা" প্ৰদান কৰে।

Advertisment

sf

দিনৰ ১২ বজাত অনুষ্ঠিত কৰা মূল সভা আৰু বঁটা প্ৰদান অনুষ্ঠানটি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী ড০ কেশৱ কলিতাই আৰু অনুষ্ঠান টি আঁত ধৰি আৰোহণ আৰ্টিষ্ট গীল্ডৰ সভাপতি, শিল্পী, সংবাদকৰ্মী দিলীপ নাথে কয়- "আমি যি সকলে একাগ্ৰ চিত্তে নিজৰ নিজৰ ঠাইত নিৰবচিত্তে কাম কৰি আছে,‌ তেওঁলোকক আমি অনুসন্ধান কৰি নিজৰ কৰ্ম ৰাজীক সন্মান আৰু প্ৰেৰণা, উৎসাহ দিয়াৰ মানসেৰে জুৰিৰ দ্বাৰা নিৰ্বাচিত কৰি আৰোহণ বঁটা দি আহিছোঁ।"

সভাত মুখ্য অতিথি হিচাপে দৈনন্দিন বাৰ্তাৰ মুখ্য সম্পাদক ড০ নৰেন হাজৰিকাই অংশ লৈ কয়-‌ ‌"সাহিত্য আৰু সংস্কৃতি অবিহনে এটা জাতি জীয়াই থাকিব নোৱাৰে। এটা জাতিক সামগ্ৰীক ভাবে প্ৰতিনিধিত্ব কৰিবলৈ সাহিত্য-সংস্কৃতিৰ‌ দিশটো টনকিয়াল কৰিব লাগিব। ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে অসমীয়া ভাষাক সমৃদ্ধিশালী কৰিলে।

বিশিষ্ট অতিথি আমাৰ অসমৰ সহকাৰী সম্পাদক, লেখক মন্টু শইকীয়াই অংশ লৈ কয়- বঁটা-সন্মানৰ স্বীকৃতিয়ে এজন মানুহক আগুৱাই যোৱাত সহায় কৰে। জীৱন কালত একো এটা কাম নকৰা মানুহে   সমাদৰ বিচৰাটো ভুল। নতুন প্ৰজন্মই ম'বাইল সাৱধানেৰে ব্যৱহাৰ কৰিব লাগে।

সন্মানীত অতিথি হিচাপে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য, সাংবাদিক তথা লেখক দীপক শৰ্মাই কয়- "প্ৰতিঘৰ গৃহস্থই এখনকৈ দৈনিক বাতৰি কাকত আৰু এখনকৈ মাহেকীয়া আলোচনী ঘৰত ৰাখক। নিজেও পঢ়ক আৰু সন্তানকো পঢ়াৰ অভ্যাস কৰক। বৰ্তমান সমাজত দেখা বহু সমস্যাৰ‌ সমাধান পাব ।"

সভাত ‌ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বৰেণ্য সাহিত্যিক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য,‌বৰপেটা মন্দিয়া মহাবিদ্যালয়ৰ অবসৰী অধ্যাপিকা প্ৰতিভা চৌধুৰী, ৰাষ্ট্ৰীয় বঁটা প্ৰাপক জ্যোতিষী ড০ নৰেন্দ্ৰ নাথ শৰ্মা, সাংবাদিক মুনিন ডেকা আৰু শিল্পী ক্ষিৰোজ মেধি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য দাঙি ধৰে।

উক্ত অনুষ্ঠানত মৰিগাঁও জিলাৰ ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিষ্ণু প্ৰসাদ উপাধ্যায়, তামুলপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ যোগেন বড়ো আৰু বৰপেটা পলিটেকনিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৃপেন মজুমদাৰলৈ আৰোহণ শিক্ষাৰত্ন বঁটা, ওদালগুৰি জিলাৰ বেংবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নোমল কুমাৰ দৈমাৰী, নলবাৰী জিলাৰ মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গোবিন্দ কলিতা আৰু লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নুৰুল হুছেইনলৈ আৰোহণ শৈক্ষিক সমন্বয় বঁটা প্ৰদান কৰা হয়।

c

কামৰূপ জিলা ৰঙিয়াৰ ৰাজেন কলিতা, পৰশমনি শৰ্মা, তামুলপুৰ হাতীমুৰাৰ প্ৰণৱ কুমাৰ বসুমতাৰী, বজালী জিলাৰ নৃত্যানন্দৰ কৃষ্ণ মেধি লৈ কৃতি শিক্ষক বঁটা আৰু ভূপেশ খাটনীয়াৰলৈ অসম শিক্ষাজোতি বঁটা, ৰঙিয়াৰ বিশিষ্ট চিকিৎসক ডা: ভৰত বৈশ্যলৈ আৰোহণ স্বাস্থ্য সমন্বয় বঁটা, তামুলপুৰ জিলাৰ বিশিষ্ট সমাজকৰ্মী দয়াল দাস আৰু বৰপেটা জিলাৰ অজয় সৈনাৰী লৈ আৰোহণ সামাজিক সমন্বয় বঁটা, কামৰূপ জিলাৰ বিহদিয়াৰ ৰমেন বৰুৱালৈ আৰোহণ সমাজসেৱা বঁটা, শ্বহীদ পৰাগ কুমাৰ দাস সোঁৱৰণী সাংবাদিক বঁটা বৰপেটা জিলাৰ সৰ্থেবাৰীৰ সাংবাদিক নকুল তালুকদাৰক প্ৰদান কৰা হয়।

ইয়াৰ উপৰি কামৰূপ জিলাৰ চাংসাৰী- জলাহৰ বিশিষ্ট সমাজকৰ্মী ড০চফিক আলি মিৰ্জাক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়। এই সভাতে আৰোহণ আৰ্টিষ্ট গীল্ডৰ সভাপতি দিলীপ নাথক নতুন দিল্লীত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ বঁটা লাভ কৰা হেতুকে "ৱেষ্ট পইনট আৰ্ট এণ্ড ডেনচ স্কুল"ৰ তৰফৰ পৰা বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।শেষত অনুষ্ঠানত বাৰেৰহনীয়া গীত - মাত আৰু নৃত্যৰ অনুষ্ঠানেৰে সফল সামৰণি পৰে। অনুষ্ঠানত বিশ্ববিশ্ৰুত শিল্পী ড০ ভূপেন হাজৰিকাৰ অনুপম সৃষ্টি "মানুহে মানুহৰ বাবে" আদিতে সকলোৱে একেমুখে পৰিৱেশন কৰে।

আৰোহণ আৰ্টিষ্ট গীল্ড