অৰ্ণমাই বৰা হত্যাকাণ্ডৰ গোচৰঃ উচ্চতম ন্যায়ালয়ৰ নির্দেশত পুনৰ গ্ৰেপ্তাৰ ম‌ইনুল হক

২০১৭ চনৰ ৩১ মে’ তাৰিখে ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰা যমুনামুখৰ শিক্ষয়িত্ৰী অৰ্ণমাই বৰাৰ হত্যাকাণ্ড গোচৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা গৈছে।

author-image
Asomiya Pratidin
New Update
DFDFD

ডিজিটেল সংবাদ, ডবকাঃ ২০১৭ চনৰ ৩১ মে’ তাৰিখে ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰা যমুনামুখৰ শিক্ষয়িত্ৰী অৰ্ণমাই বৰাৰ হত্যাকাণ্ড গোচৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা গৈছে। দেশৰ উচ্চতম ন্যায়ালয়ে  ২৮ নৱেম্বৰ ২০২৫ তাৰিখে মূল দোষী ম‌ইনুল হকৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা (NBWA) জাৰি কৰাৰ পাছত অসম আৰক্ষীয়ে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে, হোজাইৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ আদালতে ২০১৮ চনতেই ঘটনাটোত জড়িত চেলিম উদ্দিন আৰু ম‌ইনুল হকক দোষী সাব্যস্ত কৰিছিল। আদালতে চেলিম উদ্দিনক যাৱত জীৱন সশ্ৰম কাৰাদণ্ড আৰু ম‌ইনুল হকক মৃত্যুদণ্ডৰ আদেশ দিছিল।

পৰৱৰ্তী সময়ত এই দোষীদ্বয়ে গুৱাহাটী উচ্চ ন্যায়লয়ত আপিল কৰিছিল। ২২ ডিচেম্বৰ ২০২২ তাৰিখে উচ্চ ন্যায়লয়ে চেলিম উদ্দিনৰ যাৱতজীৱন কাৰাদণ্ড বাহাল ৰাখে যদিও ম‌ইনুল হকৰ মৃত্যুদণ্ডৰ ৰায় বাতিল কৰি তিনিবছৰ কাৰাদণ্ড আৰু ২০ হাজাৰ টকা জৰিমনা বিহে। সেই অনুসৰি ২০২২ চনতেই ম‌ইনুল হকে মুক্তি লাভ কৰে।

উল্লেখযোগ্য যে, উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া হোৱা দেখা গৈছিল। অসম চৰকাৰ আৰু আৰক্ষীক কঠোৰ সমালোচনা কৰিছিল। ইয়াৰ পাছতে ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদানৰ স্বাৰ্থত ৰাজ্য চৰকাৰে বিষয়টো পুনৰ উচ্চতম ন্যায়ালয়লৈ লৈ যায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  নিজে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰিছিল। অসম চৰকাৰৰ হৈ চৰকাৰী অধিবক্তাই উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আপিল দাখিল কৰে।

ইফালে, উচ্চতম ন্যায়ালয়ে ঘটনাৰ সকলো তথ্য বিশ্লেষণ কৰি ম‌ইনুল হকৰ বিৰুদ্ধে NBWA জাৰি কৰে আৰু পুনৰ গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ দিয়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত, আত্মগোপন কৰি থকা অৱস্থাত দুদিন পূৰ্বে মুম্বাইৰ পৰা হোজাই আৰক্ষীয়ে ম‌ইনুল হকক গ্ৰেপ্তাৰ কৰে। শনিবাৰে ম‌ইনুল হকক শংকৰদেৱ নগৰস্থিত মুখ্য ন্যায়াধীশ আদালতত হাজিৰ কৰোৱাৰ পিছত পুনৰ জেল হাজতলৈ প্ৰেৰণ কৰা হয়।

আনহাতে, চৰকাৰী অধিবক্তা অমৰ জ্যোতি শইকীয়াই সংবাদ মাধ্যমক জনায় যে, উচ্চতম ন্যায়ালয়ৰ নির্দেশ অনুসৰিয়ে গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে। একেদৰে, এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, “এটা সময়ত সংবাদ মাধ্যমত প্ৰকাশ পাইছিল যে অসম চৰকাৰে গোচৰটো হাৰি গৈছে। এতিয়া সঠিক তথ্যৰ ভিত্তিত বাতৰি প্ৰকাশ কৰা উচিত।”

উল্লেখ্য যে, শিক্ষয়িত্ৰী অৰ্ণমাই বৰাৰ হত্যাকাণ্ডই ৰাজ্যজুৰি গভীৰ আলোড়নৰ সৃষ্টি কৰিছিল আৰু ন্যায়ৰ দাবীত বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত হৈছিল। বৰ্তমান উচ্চতম ন্যায়ালয়ৰ নির্দেশত পুনৰ গ্ৰেপ্তাৰৰ ঘটনাই গোচৰটোৰ নতুন অধ্যায় সূচনা কৰিলে বুলি সচেতন মহলে মন্তব্য কৰে ৷

ডবকা