/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/arnab-goswami.jpg)
ডিজিটেল ডেস্কঃ প্ৰায় ১২.৩০ ঘন্টা ধৰি সোমবাৰে মুম্বাই আৰক্ষীয়ে সোধা-পোচা অব্যাহত ৰাখে দেশৰ প্ৰখ্যাত সাংবাদিক তথা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক। পুৱা ৯ বজাৰ পৰা মাজ নিশালৈকে অব্যাহত থকা এই সোধা-পোচাৰ সময়চোৱাত আৰক্ষীয়ে বিভিন্ন প্ৰশ্ন কৰে সাংবাদিকগৰাকীক। আৰক্ষী থানাৰ পৰা ওলাই আহি সাংবাদিকগৰাকীয়ে আৰক্ষীক প্ৰতিটো প্ৰশ্নৰ সন্তোষজনক উত্তৰ দিয়াৰ লগতে আৰক্ষীক গোচৰটোৰ সম্পৰ্কত সহযোগিতা আগবঢ়াই যাব বুলি জানিবলৈ দিয়ে।
সাংবাদিকগৰাকীৰ সৈতে সোধা-পোচাৰ সময়চোৱাত অধিবক্তা সুজয় কান্টাৱালাও উপস্থিত থাকে। অৰ্ণৱ গোস্বামীয়ে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত ছোনিয়া গান্ধীৰ প্ৰসংগত তেওঁ কৰা মন্তব্যক লৈ আৰক্ষীয়ে সোমবাৰে প্ৰশ্ন কৰা বুলি জানিবলৈ দিয়ে। লগতে তেওঁ নিজ স্থিতিতে অটল আছে বুলিও সদৰি কৰিছে। তেওঁ কয়, "মই যি কৈছো সেয়া শুদ্ধ। মই নিজ স্থিতিতে অটল আছো। মই মোৰ কবলগীয়াখিনি আৰক্ষীক কৈছো। তেওঁলোকে মোৰ উত্তৰত সন্তোষ্টি প্ৰকাশ কৰিছে। দেওবাৰে মোক দিয়া জাননীখনৰ মতে মই আৰক্ষীক সহায় কৰিছো। মই তথ্য সহকাৰে সকলো প্ৰশ্নৰ উত্তৰ দিছো। মই সম্পূৰ্ণ আশাবাদী যে সত্য উদঘাটন হ'ব। মোক সোধা-পোচা কৰাৰ বাবে মুম্বাই আৰক্ষীক ধন্যবাদ।''
ইফালে সোমবাৰে জামিন লাভ কৰে অৰ্ণৱ গোস্বামী আৰু তেওঁৰ পৰিবাৰৰ বাহনত আক্ৰমণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ২ জন লোকে। ১২ হেজাৰ টকাৰ জামিন নামাৰ ভিত্তিত দুয়োগৰাকীকে জামিন দিয়া হয়। উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ পালঘৰত সংঘটিত হিংসাত্মক ঘটনাৰ বাতৰি পৰিবেশন কৰাৰ সময়ত শীৰ্ষ কংগ্ৰেছ নেত্ৰী ছো্নিয়া গান্ধীৰ প্ৰসংগত কৰা মন্তব্যৰ বাবে ৰুজু হোৱা গোচৰৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে দেওবাৰে চমন জাৰি কৰিছিল জ্যেষ্ঠ সাংবাদিকগৰাকীক। তাৰ পিছতে সোমবাৰে তেওঁক সোধা-পোচা কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us