আকৌ একশ্যন হ'ব, দুনাই আৰু ভুল নকৰিবঃ পাকিস্তানক সকিয়নী ভাৰতীয় সেনাৰ...

অপাৰেশ্যন সিন্দূৰক লৈ শেহতীয়াকৈ ভাৰতীয় সেনাই এক নতুন তথ্য ৰাজহুৱা কৰিছে।  ভাৰতীয় সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে মঙলবাৰে পাকিস্তানলৈ এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰি কয় যে , অপাৰেচন সিন্দূৰ

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ অপাৰেশ্যন সিন্দূৰক লৈ শেহতীয়াকৈ ভাৰতীয় সেনাই এক নতুন তথ্য ৰাজহুৱা কৰিছে।  ভাৰতীয় সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে মঙলবাৰে পাকিস্তানলৈ এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰি কয় যে , অপাৰেচন সিন্দূৰ এতিয়াও চলি আছে আৰু শত্ৰুৰ যিকোনো দুৰ্ঘটনাৰ সৈতে যথাযথভাৱে মোকাবিলা কৰা হ’ব।

অপাৰেচন সিন্দূৰৰ বিভিন্ন দিশৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি জেনেৰেল দ্বিবেদীয়ে কয় যে - ভাৰতীয় সেনাই সন্ত্ৰাসবাদৰ নিৰ্মূল কৰাৰ সিদ্ধান্তত এতিয়াও অটল আছে। জেনেৰেল দ্বিবেদীয়ে কয় যে-  ভাৰতৰ শান্তি বিনষ্ট কৰিবলৈ সীমা পাৰ হৈ অহা সন্ত্ৰাসবাদীৰ ওপৰত এতিয়াও আমাৰ অভিযান চলি আছে। ইয়াৰ সন্দৰ্ভত বহু তথ্য আমি লাভ কৰিছো।  ভাৰতীয় সেনাই নিজৰ সৈন্য সংগঠিত কৰি পাকিস্তানৰ ওপৰত স্থল আক্ৰমণৰ বাবে সাজু বুলিও কয় সেনা প্ৰধানগৰাকীয়ে। 

অপাৰেশ্যন সিন্দূৰৰ কথা উল্লেখ কৰি তেওঁ কয় যে, ৮৮ঘন্টাৰ এই আক্ৰমঁত আমি বায়ু সেনাৰ উপৰিও স্থল সেনাও সাজু কৰি ৰাখিছিলো যাতে পাকিস্তানক বিধ্বস্ত কৰি দিব পাৰো। গতিকে ভাৰতক লৈ ধেমালি নকৰাই ভাল।  ভাৰতৰ সীমান্তৰ পাকিস্তানী দখল কৰা অঞ্চলত এতিয়াও শিবিৰ আছে। ভাৰতীয় সেনাই তেওঁলোকক নিৰীক্ষণ কৰি আছে আৰু প্ৰয়োজন হ’লে ব্যৱস্থা গ্ৰহণ কৰিব।

জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে কয়, "আমাৰ তথ্য অনুসৰি এতিয়াও প্ৰায় আঠটা শিবিৰ সক্ৰিয় হৈ আছে। ইয়াৰে দুটা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বিপৰীতে আৰু ছটা নিয়ন্ত্ৰণ ৰেখাৰ বিপৰীতে। এই শিবিৰসমূহত এতিয়াও উপস্থিতি আছে। আমি ইয়াৰ ওপৰত চকু ৰাখিছো। যদি কোনো কাৰ্যকলাপ সংঘটিত হয়, তেন্তে আমি নিশ্চিতভাৱে উদ্দেশ্য অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিম।

পাকিস্তান পাকিস্তান ক্ৰিকেট পাকিস্তানৰ অৰ্থনীতি পাকিস্তানৰ প্ৰধানমন্ত্ৰী