কলকাতাত বুজন পৰিমাণৰ আগ্নেয়াস্ত্ৰ উদ্ধাৰ

উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত আছে এটা শ্বটাৰ, ৭ এম এম পিস্তল, ইপ্ৰোভাইজড ফায়াৰ আৰ্ম। তাৰোপৰি কমেও ২০ ৰাউণ্ড সজীৱ গুলীও উদ্ধাৰ কৰে আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-30 at 6.45.35 PM

ডিজিটেল ডেস্কঃ কলকাতাত বুজন পৰিমাণৰ আগ্নেয়াস্ত্ৰ উদ্ধাৰ। কলকাতা আৰক্ষীৰ এছটিএফে উদ্ধাৰ কৰে অস্ত্ৰসমূহ। ইপিনে ঘটনা সন্দৰ্ভত আটক কৰে দুজন যুৱক। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে কলকাতাৰ ষ্ট্ৰেণ্ড ৰোডৰ পৰা আটক কৰে যুৱক দুজনক। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

WhatsApp Image 2025-12-30 at 6.44.36 PM

উল্লেখ্য যে, উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত আছে এটা শ্বটাৰ, ৭ এম এম পিস্তল, ইপ্ৰোভাইজড ফায়াৰ আৰ্ম। তাৰোপৰি কমেও ২০ ৰাউণ্ড সজীৱ গুলীও উদ্ধাৰ কৰে আৰক্ষীয়ে। আনহাতে কলকাতাৰ মাজমজিয়াত অস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই শংকিত কৰি তুলিছে  স্থানীয় ৰাইজৰ লগতে সচেতন মহলক। 

কলকাতা