/asomiyapratidin/media/media_files/2025/08/09/52-2025-08-09-22-32-49.jpg)
ডিজিটেল সংবাদ, শিলচৰ : শুকুৰবাৰে নিশা অস্ত্ৰধাৰী এদল বাংলাদেশী দুষ্কৃতিকাৰীয়ে মেঘালয়ৰ দক্ষিণ- পশ্চিম খাছি হিলছ জিলা সীমান্তৰে প্ৰৱেশ কৰি স্থানীয় ভাৰতীয় লোকৰ ওপৰত আক্ৰমণ চলোৱা এক ঘটনা পোহৰলৈ আহিছে। পশ্চিম খাছি হিলছ জিলাৰ ৰংডংগাই গাঁৱত বাংলাদেশী দুষ্কৃতিকাৰীৰ দলটোৱে চোকা অস্ত্ৰৰে এই আক্ৰমণ সংঘটিত কৰে।
স্থানীয় গাঁওবাসীয়ে বাংলাদেশী দলটোক ভাৰতত প্ৰৱেশৰ বাধা দিয়া বাবেই এই আক্ৰমণ কৰে। বাংলাদেশী দুষ্কৃতিকাৰী দলটোৱে ছুৰীৰে আক্ৰমণ কৰাত বালছুৰং এ মাৰাক নামৰ এজন ভাৰতীয় লোক গুৰুতৰ আহত হয়।
প্ৰায় ৯জনীয়া অস্ত্ৰধাৰী দলটোত বাংলাদেশৰ এজন আৰক্ষী কনিষ্টবল জড়িত থকা বুলি বিএছ এফ সুত্ৰে জানিব পৰা গৈছে। আক্ৰমণৰ ঘটনাত জড়িত থকা বাংলাদেশৰ আৰক্ষী কনিষ্টবলসহ মুঠ চাৰিজন বাংলাদেশীক গ্ৰেপ্তাৰ কৰিছে বি এছ এফ আৰু মেঘালয় আৰক্ষীয়ে।
বি এছ এফৰ মেঘালয় ফ্ৰন্টিয়াৰ এগৰাকী শীৰ্ষ বিষয়াই সদৰী কৰা মতে, চাৰিজন দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বাকী কেইজনকো শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব। আৰক্ষীৰ মতে, প্ৰায় ৯জনীয়া বাংলাদেশী দুষ্কুতিকাৰীৰ দলটোৱে আগ্নেয়াস্ত্ৰৰে সুসজ্জিত হৈ আন্ধাৰৰ সুবিধা লৈ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল।
দুষ্কৃতিকাৰীৰ দলটোৱে ভাৰতীয় লোকক মুক্তিপণৰ বাবে অপহৰণ কৰাৰ উদ্দেশ্যেৰে প্ৰৱেশ কৰিছিল। অস্ত্ৰ- শস্ত্ৰৰ প্ৰকাৰ, প্ৰস্তুতি আৰু তেওঁলোকৰ গতিবিধিলৈ লক্ষ্য কৰিলে দলটো সাধাৰণ অপৰাধী নহয়। তেওঁলোক এটা সংগঠিত গেংৰ লোক বুলি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই দাবী কৰিছে।
ইফালে, ধৃত বাংলাদেশী কেইজনৰ পৰা বাংলাদেশী মুদ্ৰা, ৱাকি-টকি, চাৰ্জাৰ, বাংলাদেশী আৰক্ষীৰ পৰিচয় পত্ৰ , হেণ্ডকাফ, মেগজিন কভাৰ, pistol holster, মোবাইল ফোন, face masks, কুঠাৰ তাঁৰ কটা সঁজুলি বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে ।