শিৱসাগৰত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উদযাপন...

আজি ৰাজ্যজুৰি পালন কৰা হৈছে ৪২ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস।অসম সন্তান তথা ৰাজ্যৰ প্ৰথমগৰাকী ‘অৰ্জুন’ বঁটা বিজয়ী এথলিট ভোগেশ্বৰ বৰুৱাৰ ৮৬ সংখ্যক জন্মদিন। 

author-image
Asomiya Pratidin
New Update
শিৱসাগৰত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উদযাপন...

ডিজিটেল সংবাদ, শিৱসাগৰঃ আজি ৰাজ্যজুৰি পালন কৰা হৈছে ৪২ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস।অসম সন্তান তথা ৰাজ্যৰ প্ৰথমগৰাকী ‘অৰ্জুন’ বঁটা বিজয়ী এথলিট ভোগেশ্বৰ বৰুৱাৰ ৮৬ সংখ্যক জন্মদিন। 

ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস। এই উপলক্ষে তেওঁৰ জন্মস্থান শিৱসাগৰতো একাধিক কাৰ্যসূচী হাতত লোৱা হৈছে। শিৱসাগৰৰ ৰংপুৰ জ্যোতি ক্লাবৰ উদ্যোগত উদযাপন কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচী।

এই উপলক্ষে পুৱা পতাকা উত্তোলন, অগ্নিশিখা প্ৰজ্বলনৰ পিছতে উলিওৱা হয় সমদল। তাৰোপৰি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতিমূৰ্তিত ফোলাম গামোচা আঁৰিও সন্মান প্ৰদৰ্শন কৰি তেওঁৰ সু-স্বাস্থ্য কামনা কৰে। 

অন্যহাতে আজি গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামখন অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত উচৰ্গা কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ততো উৎফুল্লিত হৈ পৰিছে শিৱসাগৰবাসী।

উল্লেখ্য যে, ১৯৬৬ চনত এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰত অৰ্জুন ভোগেশ্বৰ বৰুৱাই লাভ কৰিছিল সোণৰ পদক। 

অৰ্জুন ভোগেশ্বৰ বৰুৱা