হোটেল বৃন্দাবনত প্ৰেমিকাৰ উপস্থিতিত কিয় আত্মহত্যা কৰিলে সৰ্থেবাৰীৰ অৰিজিৎ ডেকাই...

author-image
Asomiya Pratidin
New Update
হোটেল বৃন্দাবনত প্ৰেমিকাৰ উপস্থিতিত কিয় আত্মহত্যা কৰিলে সৰ্থেবাৰীৰ অৰিজিৎ ডেকাই...

hotel brindabon

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ পল্টনবজাৰৰ এখন হোটেলত সংঘটিত হোৱা এক আত্মহত্যাৰ ঘটনাই ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে। প্ৰেমিকৰ উপস্থিতিত প্ৰেমিকে সংঘটিত কৰা এই আত্মহত্যাৰ ঘটনাৰ পিছতে হোটেল কৰ্তৃপক্ষৰ ভূমিকাক লৈও সৃষ্টি হৈছে নানান প্ৰশ্ন।

Advertisment

উল্লেখ্য যে, বুধবাৰে নিশা পল্টনবজাৰৰ বৃন্দাবন নামৰ হোটেলখনত সংঘটিত হয় এক আত্মহত্যাৰ ঘটনা। নিশা প্ৰায় ২-৩০ বজাত হোটেলখনৰ ২০২ নম্বৰ কোঠাত অৰিজিৎ ডেকা নামৰ যুৱকজনে আত্মহত্যা কৰে।

সেই সময়ত অৰিজিৎ ডেকা নামৰ এই যুৱকজনৰ লগত আছিল তেওঁৰ প্ৰেমিকাও। আত্মহত্যাৰ পূৰ্বে প্ৰেমিকাৰ সৈতে অৰিজিৎ ডেকাৰ কাজিয়াৰ সূত্ৰপাত হৈছিল। যাৰ বাবেই তেওঁ বেল্টৰ সহায়ত চিলিং ফেনত চিপ লৈ আত্মহত্যা কৰে।

ইফালে অৰিজিৎ ডেকাই আত্মহত্যাৰ পূৰ্বে তেওঁৰ নিজৰ জ্যেষ্ঠ ভগ্নীক ফোন কৰি তেওঁৰ এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছিল। ইফালে জ্যেষ্ঠ ভগ্নীক ফোন কৰি এই বিষয়ে অৱগত কৰাৰ পিছতে হোটেলখনত উপস্থিত হৈছিল ৩ জন যুৱক।

এই ৩ জন যুৱকৰ সৈতে অৰিজিৎ ডেকাক হাস্পাতললৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে বুলি ঘোষণা কৰে। কিন্তু এই সমগ্ৰ ঘটনাক গাপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে বৃন্দাবন হোটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে।

হোটেল কৰ্তৃপক্ষই অৰিজৎ ডেকাৰ মৃত্যু স্বাস্থ্যজনিত কাৰণতহে হোৱা বুলি প্ৰকাশ কৰিছে। হোটেল কৰ্তৃপক্ষৰ মতে অসুস্থ অৰিজিতক অতি মুৰ্মূষ অৱস্থাত পৰিয়ালৰ লোকে হাস্পাতললৈ লৈ যোৱাৰ বাবেই তেওঁৰ মৃত্যু হয়।

উল্লেখ্য যে বৃন্দাবন নামৰ এই হোটেলখনত বিগত ৩ দিনে বাহৰ পাতি আছিল আত্মহত্যা কৰা অৰিজৎ ডেকা নামৰ সৰ্থেবাৰীৰ এই যুৱকজনে। এই আটাইকেইদিন তেওঁৰ লগত আছিল তেওঁৰ প্ৰেমিকা।

paltan bazar hotel brindaban