/asomiyapratidin/media/media_files/2025/12/13/kkkddd-2025-12-13-13-53-23.jpg)
ডিজিটেল ডেস্কঃ কলকাতাত নিজৰ ৭০ ফুঁট উচ্চতাৰ প্ৰতিমূৰ্তি উদ্বোধন কৰিবলৈ আহিল ফুটবল কিংবদন্তি লিঅ'নেল মেচি। এই অনুষ্ঠানত প্ৰৱেশৰ বাবে পশ্চিম বংগৰ চৰকাৰে টিকটৰ দাম নিৰ্ধাৰণ কৰি দিছিল। প্ৰৱেশ টিকটৰ বাবে সৰ্বনিম্ন নিৰিখ আছিল ৫হাজাৰ টকা। লক্ষাধিক টকাত বিক্ৰী হৈছিল এই অনুষ্ঠানৰ টিকট।
মেচিক এবাৰ চাবলৈ হাজাৰ হাজাৰ লোকে ক্ৰয় কৰিছিল এই টিকট। কিন্তু মাত্ৰ ১০মিনিটৰ বাবে আহি মূৰ্তি উদ্বোধন কৰি গুছি গ'ল মেচি। ফুটবলত ভৰিয়েই নলগালে মেচিয়ে। দেহৰক্ষীৰ বাবে মেচিৰ মুখখনো দেখা নাপালে দৰ্শকসকলে।
ইয়াৰ পাছতে ক্ষোভত ফাটি পৰিল দৰ্শক। ৰুদ্ৰমূূৰ্তি ধাৰণ কৰা দৰ্শকে ষ্টেডিয়ামৰ চকীৰ লগতে সা-সম্পত্তি ভাঙি চূৰমাৰ কৰি দিয়ে। ষ্টেডিয়ামৰ বাহিৰতো মুকলিকৈ ক্ষোভ ব্যক্ত কৰে দৰ্শকসকলে। দৰ্শকৰ এনে ৰুদ্ৰমূৰ্তি দেখি ক্ষমা প্ৰাৰ্থনা কৰে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।
দৰ্শকে সৃষ্টি কৰা এনে উত্তপ্ত পৰিস্থিতিৰ বাবে আনকি মমতা বেনাৰ্জীয়ো সাক্ষাত কৰিব নোৱাৰিলে লিঅনেল মেচিক। সৌৰভ গাংগুলীয়েও লগ ধৰাৰ কথা আছিল মেচিক। একমাত্ৰ কেৱল শ্বাহৰুখ খানেহে সাক্ষাত কৰিবলৈ সুযোগ লাভ কৰে।
উল্লেখ কৰা প্ৰয়োজন যে, লিঅ'নেল মেচিক হেণ্ডচেক কৰিবলৈকে আয়োজকে ১০লাখ টকা পৰ্যন্ত নিৰিখ ধাৰ্য কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us