/asomiyapratidin/media/media_files/2025/11/03/new-bikhekh-protibedon-2-7-2025-11-03-12-26-49.jpg)
ৰাজ্যৰ চৰকাৰী বিভাগ সমূহত চলিছে চৰম অনিয়ম। গুৱাহাটী মহানগৰীয় এলেকা উন্নয়ন প্ৰাধিকৰণ (GMDA) আৰু গুৱাহাটী মহানগৰ নিগম (GMC)-ৰ একাধিক কাম-কাজত অনিয়ম, অপচয় আৰু স্বজনপোষণৰ অভিযোগ উঠিছে। ঘোচখোৰ আৰু দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ মেৰপাকত পৰি ৰাজ্যৰ নিৰ্মাণ খণ্ডই কিদৰে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...
ৰাজ্যৰ নিৰ্মাণ খণ্ডৰে জড়িত প্ৰতিষ্ঠান তথা ব্যক্তি সকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। মূলতঃ চৰকাৰী বিভাগৰ মেৰপাকৰ বাবেই এই খণ্ডৰে জড়িত সকলে এতিয়া চকুৰে সৰিয়হ ফুল দেখিছে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী তুলি পত্ৰও প্ৰেৰণ কৰিছে।
যোৱা ২৫ ছেপ্তেম্বৰত আছাম ৰিয়েল ষ্টেট এণ্ড ইনফ্ৰাষ্টাকচাৰ ডেভেলপমেন্ট এচ'ছিয়েছন চমুকৈ এ আৰ ই আই ডি এ তেওঁলোকৰ সমস্যাৰ বিষয়ে অৱগত কৰি মুখ্যমন্ত্ৰীক পত্ৰ দিছিল। কিন্তু এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে কোনো সঁহাৰি দিয়া নাই।
এই পত্ৰত বহু বিস্ফোৰক তথ্য আৰু অভিযোগ আনিছে এ আৰ ই আই ডি এ য়ে। অভিযোগ মতে, ৰাজ্যৰ নিৰ্মাণ খণ্ডৰ আৰু ৰিয়েল ষ্টেটৰ জৰিয়তে অসম চৰকাৰে মুঠ ৰাজহৰ ৪০ শতাংশ লাভ কৰে। ইয়াৰ উপৰিও বহু মাত্ৰিক নিয়োগৰ সম্ভাৱনা আছে এই ক্ষেত্ৰ খনত।
৩০০ ৰো অধিক উদ্যোগ এই ক্ষেত্ৰৰ দ্বাৰাই লাভাম্বিত হয় যদিও একাংশ ঘোচখোৰ আৰু দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বাবে এই ক্ষেত্ৰখনে এতিয়া ভীষণ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। পত্ৰখনত উল্লেখ কৰা মতে, আৰ টি আই ৰ তথ্য অনুসৰি, বিভিন্ন নিৰ্মাণ আৰু বিক্ৰী-ক্ৰয়ৰ বাবে জনোৱা আৱেদন কাৰ্যলয় সমূহত দীৰ্ঘদিন ধৰি পৰি থকাৰ পাছতো বিষয়া সকলে ইয়াৰ ব্যৱস্থা গ্ৰহণ নকৰে।
জি এম চি আৰু জি এম ডি এ তেনে ৬৮০ খনৰো অধিক আৱেদন কোনো কাৰণ নোহোৱাকৈ পেলাই থোৱা হৈছে। সেয়েহে এ আৰ ই আই ডি এ দাবী জনাইছে যে, জি এম ডি এক প্লেনিঙৰ পাৰ্মিছন ৩০ দিনৰ ভিতৰত আৰু জি এম চিক বিল্ডিং পাৰ্মিছন ৪৫ দিনৰ ভিতৰত দিয়াতো বাধ্যতামূলক কৰিব লাগে।
বহু সময়ত ছফ্টৱেৰ সমস্যা বুলি কৈ তেওঁলোকে এই কাম কৰিবলৈ বিচাৰে। সেয়েহে এই দিশতো কঠোৰ দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে এ আৰ ই আই ডি এ। আনহাতে, বিশেষ কাৰণ নথকাকৈ ডীমড পাৰমিশ্বন চাৰ্টিফিকেট নিদিয়াৰ কথাতো উল্লেখ কৰিছে তেওঁলোকে।
বহু বিল্ডাৰক কৰ্তৃপক্ষই অকোপেনচি চাৰ্টিফিকেট নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰদান নকৰাত আন এক সমস্যাৰ সৃষ্টি হৈছে। এই চাৰ্টিফিকেট প্ৰদানৰ নামতো চলে বৃহত ধনৰ লেনদেন। অনলাইন চিষ্টেমটো মেন্যুপুলেচন হোৱা কথা উল্লেখ কৰি বহু বিষয়াই ইয়াৰ সুযোগ গ্ৰহণ কৰা লগতে বৃহত ধন দাবী কৰাৰ ঘটনাও সংঘটিত হৈ আহিছে কাৰ্যালয়ত।
সেয়েহে এটা লিগেল প্লেনিং পাৰমিট চিষ্টেম গঢ়ি তোলা,উত্থাপিত অভিযোগ সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ আৰু তদন্ত কৰাকে ধৰি এই প্ৰক্ৰিয়া সমূহত সংস্কাৰ সাধন কৰিবলৈ এই পত্ৰৰ জৰিয়তে মুখ্যমন্ত্ৰীক অনুৰোধ জনোৱা হৈছে। এ আৰ ই আই ডি এ হৈ মুখ্যমন্ত্ৰীলৈ এই পত্ৰ প্ৰেৰণ কৰিছে সংগঠনটোৰ সভাপতি পিকে শৰ্মাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us