ডিজিটেল ডেস্ক : ভাৰতৰ কেথলিক গীৰ্জাৰ বাবে এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হ’ব শনিবাৰৰ দিনটো। কিয়নো আজিৰ এই দিনটোতেই ভাৰতৰ আৰ্কবিশ্বপ ক’ভাকাডক ‘কাৰ্ডিনেল’ হিচাপে নিযুক্তি দিয়াৰ কথা প্ৰকাশ কৰে। বেচিলিকাত অনুষ্ঠিতব্য অধিবেশনৰ জৰিয়তে আর্চবিশ্বপ ক'ভাকাডক কাৰ্ডিনেল হিচাপে নিযুক্তি দিয়া হ’ব।
চাংগানাছেৰীৰ চিৰ'-মালাবাৰ কেথলিক আৰ্চেপাৰ্টিৰ সদস্য মাৰ জৰ্জ জেকব ক'ভাকাড কাৰ্ডিনেল হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ছোৱাতে উক্ত পদত উন্নীত হোৱা প্ৰথমজন ভাৰতীয় হৈছে ক’ভাকাডক। ইতিমধ্যে তেওঁৰ এই নিযুক্তিকলৈ যাৱতীয় কাম- কাজ সম্পূৰ্ণ হৈ উঠিছে।
পোপ ফ্রান্সিছৰ উদ্যোগত শনিবাৰে ভাৰতীয় সময় অনুসৰি নিশা ৯-০০ বজাত অনুষ্ঠিত এক অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিকভাৱে এই দায়িত্ব অৰ্পণ কৰিব আৰ্কবিশ্বপক। ছেইন্ট পিটাৰ বেচিলিকাৰ এখন কনচিষ্টৰীত অনুষ্ঠিত কৰা হৈছে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ।
উল্লেখযোগ্য যে কেথলিক আৰ্চেপাৰ্টিৰ সদস্যৰ পৰা কার্ডিনেল পদলৈ উন্নীত হোৱা ২১ জন ব্যক্তিৰ ভিতৰত আছে ক'ভাকাড। প্ৰায় ডেৰ ঘণ্টা ধৰি অনুষ্ঠিত হ’ব এই অনুষ্ঠান। আনহাতে দেওবাৰে পুৱা ৯-৩০ বজাত নৱনিযুক্ত কার্ডিনেলগৰাকীয়ে পূৰ্বৰ কার্ডিনেলসকলৰে এক অনুষ্ঠানত মিলিত হ’ব বুলি জানিব পৰা গৈছে।
ইতিমধ্যে এই ঐতিহাসিক অনুষ্ঠানটোৰ সাক্ষী হ'বলৈ ক'ভাকাডৰ কেইবাজনো আত্মীয় ভেটিকান চহৰত উপস্থিত হৈছে। তাৰোপৰি চাংগানাছেৰী আৰ্কডাইচেছৰ ১২ জনীয়া চৰকাৰী প্ৰতিনিধি দলো ৰাওনা হৈছে।
ইফালে ভাৰতবাসীৰ বাবে এইটো উল্লেখযোগ্য দিন বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভেচ্ছা জনাইছে। তেওঁ নিজৰ সামাজিক মাধ্যমযোগে শুভেচ্ছাবাৰ্তা ৰাজহুৱা কৰাৰ লগতে এই সম্পৰ্কত মত ব্যক্ত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- এইটো ভাৰতৰ বাবে গৌৰৱৰ বিষয়। আৰ্কবিশ্বপ জৰ্জ কুভাকাডক ফ্ৰান্সিছৰ দ্বাৰা কাৰ্ডিনেল হিচাপে নিয়োগ কৰা হ'ব। ভাৰত চৰকাৰে এই অনুষ্ঠানৰ সাক্ষী হ'বলৈ কেন্দ্ৰীয় মন্ত্ৰী জৰ্জ কুৰিয়ানৰ নেতৃত্বত এটা প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰে।
It is a matter of immense pride for India that Archbishop George Koovakad will be created as a Cardinal by His Holiness Pope Francis.
— PMO India (@PMOIndia) December 7, 2024
The Government of India sent a delegation led by Union Minister Shri George Kurian to witness this Ceremony.
Prior to the Ceremony, the Indian… pic.twitter.com/LPgX4hOsAW