/asomiyapratidin/media/media_files/2025/12/24/fedfrtrtrtrtrt-2025-12-24-23-36-46.jpg)
ডিজিটেল ডেস্কঃ আৰাৱল্লী পৰ্বতমালাক চলি থকা বিতৰ্কৰ মাজতে কেন্দ্ৰীয় চৰকাৰে হাতত লৈছে এক ডাঙৰ সিদ্ধান্ত। কেন্দ্ৰীয় চৰকাৰে আৰাৱল্লী অঞ্চলত নতুন খনন স্থগিত ৰখাৰ নিৰ্দেশ দিছে।
বন আৰু পৰিৱেশ মন্ত্ৰালয়ে ৰাজস্থান, হাৰিয়ানা, গুজৰাটৰ মুখ্য সচিবলৈ এখন পত্ৰ লিখি কয় যে, নতুন নিৰ্দেশনা প্ৰস্তুত নকৰালৈকে কোনো নতুন খনন পট্টা প্ৰদান কৰিব নালাগে। ইয়াৰ উপৰিও আৰাৱল্লী অঞ্চলত চলি থকা খনন কাৰ্য্যক কঠোৰভাৱে নিয়ন্ত্ৰিত কৰি পৰিৱেশ সুৰক্ষা নিশ্চিত কৰা হ’ব বুলিও নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে ৷
নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি, খননৰ বাবে এক বিস্তৃত আৰু বিজ্ঞানভিত্তিক পৰিচালনা পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। এই পৰিকল্পনাই পৰিৱেশৰ প্ৰভাৱ আৰু পৰিৱেশৰ স্থিতিস্থাপকতাৰ মূল্যায়ন কৰিব, আৰু স্পৰ্শকাতৰ আৰু সংৰক্ষণৰ অঞ্চল চিনাক্ত কৰিব। উল্লেখযোগ্য যে, বিগত ২১ ডিচেম্বৰৰ আলোচনাত এমপিএছএম (বহনক্ষম খনি ব্যৱস্থাপনা পৰিকল্পনা) চূড়ান্ত নোহোৱালৈকে কোনো নতুন খনন পট্টা প্ৰদান কৰিব নালাগে বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us