/asomiyapratidin/media/media_files/2025/12/25/whatsapp-image-2025-12-25-23-14-12.jpeg)
ডিজিটেল ডেস্কঃ বহু বিতৰ্ক, বাতৰিৰ শিৰোনাম আৰু আন্দোলনৰ অন্তত অৱশেষত আৰাৱল্লী পৰ্বতমালা সন্দৰ্ভত এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কেন্দ্ৰীয় চৰকাৰৰ। সমগ্ৰ আৰাৱল্লী ৰেঞ্জত কোনো নতুন খনন কৰিবলৈ দিয়া নহ’ব। এই আদেশ সেই সকলো ৰাজ্যকে দিয়া হৈছে য’ত আৰাৱল্লী পৰ্বতমালা আছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/25/whatsapp-image-2025-2025-12-25-23-14-31.jpeg)
উল্লেখ্য যে, বুধবাৰে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰে য'ত, এই পাহাৰীয়া অঞ্চলটোত সমগ্ৰ আৰাৱল্লী ৰেঞ্জ অৰ্থাৎ দিল্লীৰ পৰা গুজৰাটলৈ কোনো নতুন খনন পট্টা দিয়া নহ’ব। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/25/whatsapp-image-2-2025-12-25-23-14-49.jpeg)
ইপিনে ণ্ডিয়ান কাউঞ্চিল অৱ ফৰেষ্ট্ৰী ৰিচাৰ্জ এণ্ড এডুকেশনেও আৰৱল্লী পৰ্বতমালাৰ সেই অঞ্চল আৰু প্ৰদেশসমূহ চিনাক্ত কৰিবলৈও নিৰ্দেশনা দিছে, য’ত খনন সম্পূৰ্ণ নিষিদ্ধ কৰিব লাগে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us