সেউজীয়া আৱৰণত কুঠাৰঘাট! মৰুভূমি হোৱাৰ দিশে ৪ ৰাজ্য...

অভিযোগ উঠিছে যে, চৰকাৰী নীতিৰ সালসলনিৰ ফলত পূৰ্বৰ সুৰক্ষিত বনাঞ্চলসমূহ এতিয়া বাণিজ্যিক আৰু খনি নিৰ্মাণ কাৰ্যৰ বাবে মুকলি হোৱাৰ সম্ভাৱনা আছে।

author-image
Asomiya Pratidin
New Update
new ap web 3 (26)

উত্তৰ-পশ্চিম ভাৰতৰ এখনি পুৰণি পৰ্বতমালা 'আৰাৱলী'। দিল্লী, হাৰিয়ানা আৰু ৰাজস্থানৰ জলবায়ু নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আৰাৱলী কেৱল এখন পাহাৰ নহয়, ই থৰ মৰুভূমিৰ প্ৰসাৰ ৰোধ কৰাৰ এক প্ৰাকৃতিক প্ৰাচীৰ। আৰাৱলীৰ সামান্যতম ক্ষতিয়েও সমগ্ৰ উত্তৰ ভাৰতলৈ সংকট কঢ়িয়াই আনিব পাৰে বুলি জানিও আৰাৱলীৰ সংজ্ঞা সলনি কৰাৰ চেষ্টা চলাইছে একাংশ খনি মাফিয়া আৰু বাণিজ্যিক গোষ্ঠীয়ে। সমগ্ৰ ঘটনাৰাজী সন্দৰ্ভত ইমন দাসৰ এক প্ৰতিবেদন...

আৰাৱলী পৰ্বতমালাক উত্তৰ ভাৰতৰ 'সেউজ হাওঁফাওঁ' বুলি কোৱা হয়। ই থৰ মৰুভূমিৰ প্ৰসাৰ ৰোধ কৰাৰ লগতে দিল্লী-এনচিআৰ অঞ্চলৰ ধূলি আৰু প্ৰদূষণ নিয়ন্ত্ৰণ কৰাত এক প্ৰাকৃতিক দেৱাল হিচাপে কাম কৰে। ইয়াৰ উপৰিও ই ভূ-গৰ্ভস্থ পানীৰ স্তৰ ৰক্ষাত সহায় কৰে। 

G8clOUIakAIruzf

আৰাৱলীৰ সামান্যতম ক্ষতিয়েও সমগ্ৰ উত্তৰ ভাৰতত মৰুভূমিকৰণ আৰু জলবায়ু সংকট মাতি আনিব পাৰে।আৰাৱলী পৰ্বতমালা দিল্লীৰ পৰা আৰম্ভ হৈ ৰাজস্থান আৰু হাৰিয়ানাৰ মাজেৰে গৈ গুজৰাটত শেষ হয়। ইয়াক পৃথিৱীৰ অন্যতম প্ৰাচীন পৰ্বতমালা হিচাপে গণ্য কৰা হয়।

জৈৱ বৈচিত্ৰৰে ভৰপূৰ আৰাৱলীয়ে দেশৰ ৪ ৰাজ্যক মৰুভূমি হোৱাৰ পৰা বচাই ৰাখিছে। যদিহে খনন আৰু নগৰীকৰণৰ নামত আৰাৱলীত কুঠাৰঘাট কৰা হয়, তেন্তে সমগ্ৰ উত্তৰ ভাৰতত মৰুভূমিকৰণৰ প্ৰক্ৰিয়া দ্ৰুত হ’ব আৰু বায়ুৰ গুণাগুণ ভয়াৱহভাৱে হ্ৰাস পাব। কিন্তু এই দিশ সমূহক অংগুষ্ঠ প্ৰদৰ্শন কৰি শেহতীয়াকৈ আৰাৱলীৰ সংজ্ঞা সলনি কৰাৰ প্ৰক্ৰিয়া চলিছে।

k0hstn6k_aravalli-protest_625x300_19_December_25

আৰাৱলীৰ ভৌগোলিক সংজ্ঞা বা পৰিসীমা নিৰ্ধাৰণক লৈ কেন্দ্ৰীয় চৰকাৰৰ স্থিতিয়ে বিতৰ্কৰ সূত্ৰপাত ঘটাইছে। অভিযোগ উঠিছে যে, চৰকাৰী নীতিৰ সালসলনিৰ ফলত পূৰ্বৰ সুৰক্ষিত বনাঞ্চলসমূহ এতিয়া বাণিজ্যিক আৰু খনি নিৰ্মাণ কাৰ্যৰ বাবে মুকলি হোৱাৰ সম্ভাৱনা আছে।

যদিও কেন্দ্ৰীয় চৰকাৰে এই অভিযোগ খাৰিজ কৰি দাবি কৰিছে যে ৯০ শতাংশতকৈ অধিক আৰাৱলী অঞ্চল আজিও সুৰক্ষিত, তথাপিও ভূমি নীতিৰ শেহতীয়া পৰিৱৰ্তনে বিশেষজ্ঞসকলক আশ্বস্ত কৰিব পৰা নাই।

57ihio8_aerial-view-of-amber-city-and-aravalli-range_625x300_01_July_25

এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে আৰাৱলীৰ পৰিৱেশ তন্ত্ৰ ৰক্ষাৰ বাবে কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। কেৱল ১০০ মিটাৰতকৈ অধিক উচ্চতাৰ পাহাৰসমূহকহে চৰকাৰীভাৱে আৰাৱলী পাহাৰ হিচাপে গণ্য কৰা হ’ব। এই নিৰ্দেশনাই এতিয়া দিল্লী, হাৰিয়ানা, ৰাজস্থান আৰু গুজৰাটৰ বিশাল অঞ্চলক সামৰি ল’ব। 

थार को थामे खड़ी अरावली के अस्तित्व पर संकट? अगर मिट गई तो क्या होगा... - Aravali  Hills Issue Explain Why is the existence of the Aravalli range under threat  tedu - AajTak

আদালতে স্পষ্ট কৰি দিছে যে, পৰিৱেশ মন্ত্ৰালয়ে বহনক্ষম খনন ব্যৱস্থাপনা পৰিকল্পনা চূড়ান্ত নকৰালৈকে এই অঞ্চলসমূহত কোনো নতুন খননৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব নোৱাৰিব। এই ক্ষেত্ৰত বহু বিশেষজ্ঞই উল্লেখ কৰিছে যে, কেৱল ১০০ মিটাৰতকৈ অধিক উচ্চতাৰ পাহাৰক সুৰক্ষা দিলে আৰাৱলীৰ প্ৰায় ৯০ শতাংশ সৰু সৰু পাহাৰ সুৰক্ষাহীন হৈ পৰিব। 

winding-road-stretching-through-lush-600nw-2530170307

ইয়াৰ ফলত থৰ মৰুভূমিৰ আগ্ৰাসন বৃদ্ধি পোৱাৰ লগতে উত্তৰ ভাৰতৰ বায়ু আৰু পানীৰ স্তৰত ব্যাপক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। ইপিনে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কয় যে, আৰাৱলীৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ শিথিলতা প্ৰদান কৰা হোৱা নাই।

আৰাৱলীৰ মুঠ ১.৪৪ লাখ বৰ্গ কিঃমিঃ এলেকাৰ মাত্ৰ ০.১৯ শতাংশতহে বৈজ্ঞানিক পদ্ধতিৰে খননৰ বাবে বিবেচনা কৰা হ’ব পাৰে। বাকী সকলো অংশ বন বিভাগ আৰু পৰিৱেশ আইনৰ দ্বাৰা সুৰক্ষিত থাকিব বুলি তেওঁ উল্লেখ কৰিছে।

k0hstn6k_aravalli-protest_625x300_19_December_25

আনহাতে আৰাৱলীৰ সুৰক্ষাৰ স্বাৰ্থত সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত হৈছে।  উত্তৰ ভাৰতৰ পৰিৱেশ তন্ত্ৰৰ ৰক্ষাকৱচ হিচাপে পৰিচিত আৰাৱলী পৰ্বতমালাত খনন আৰু বাণিজ্যিকীকৰণৰ বিৰুদ্ধে আজি ৰাজধানী দিল্লীৰ যন্তৰ মন্তৰত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

পৰিৱেশ কৰ্মী, ছাত্ৰ-ছাত্ৰী আৰু সচেতন নাগৰিক সমাজৰ শতাধিক লোকে একত্ৰিত হৈ আৰাৱলীক 'খনি মুক্ত' কৰাৰ বাবে চৰকাৰক তীব্ৰ দাবী জনায়। সামাজিক মাধ্যমতো "Save Aravalli Hills" হেছতেগ ব্যৱহাৰ কৰি জনসাধাৰণে আৰাৱলী খননৰ বিৰোধ প্ৰদৰ্শন কৰিছে।

images (13)

বনধ্বংস বন ধ্বংস পাহাৰ প্ৰকৃতি ধ্বংস উচ্চতম ন্যায়ালয়