/asomiyapratidin/media/media_files/2025/12/02/382-2025-12-02-20-16-09.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : মঙলবাৰে মোলাই কাঠনিত অৱস্থিত নিজ বাসগৃহত ভাৰতৰ অৰণ্যমানৱ তথা পদ্মশ্ৰী বঁটাপ্ৰাপক যাদৱ পায়েঙে উন্মোচন কৰে “অৰণ্যৰ পৰা যুদ্ধক্ষেত্ৰলৈ গুই” শীর্ষক এখন অভিনৱ গ্ৰন্থ ৷ অসমৰ এগৰাকী আগশাৰীৰ পৰিবেশ লিখক, পৰিবেশ আলোকচিত্ৰ শিল্পী তথা পৰিবেশ সংগঠক গিৰিমল্লিকা শইকীয়াই ৰচনা কৰা গ্ৰন্থখনত আমাৰ চাৰিওফালে ঘূৰি ফুৰা এবিধ উপেক্ষিত আৰু শোষিত বন্যপ্ৰাণী গুঁই সম্পর্কীয় বিভিন্ন বৈজ্ঞানিক গৱেষণা, জনবিশ্বাস, অন্ধবিশ্বাস চোৰাং ব্যৱসায়, মধ্যযুগীয় ব্যৱহাৰ আদি বিচিত্ৰ দিশবোৰ বিশদভাৱে সামৰি লৈ জনপ্ৰিয় ৰূপত উপস্থাপন কৰা হৈছে ৷
গ্ৰন্থখনি উন্মোচন কৰি দাঙি ধৰা বক্তব্যত যাদৱ পায়েঙে পৰিৱেশতন্ত্ৰত সকলো জীৱৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি গুই সংৰক্ষণৰ বাবে চলোৱা এনে প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে লিখকলৈও শুভেচ্ছা জ্ঞাপন কৰে ৷ উল্লেখযোগ্য যে যিকোনো ভাৰতীয় আঞ্চলিক ভাষাত প্ৰকাশিত প্ৰথমখনি গুই বিষয়ক একক গ্ৰন্থ (Monograph) “অৰণ্যৰ পৰা যুদ্ধক্ষেত্ৰলৈ গুই” উন্মোচনৰ আগতে মালয়েচীয়াৰ চৰাৱাকত অৱস্থিত “ইউনিভাৰচিটি অৱ মালয়েচীয়া”ৰ “ইন্ষ্টিটিউট অৱ বায়ডাইভাৰচিটি এণ্ড এন্ভাইৰণমেন্টেল কনজাৰভেচন”ৰ এগৰাকী বিজ্ঞানী তথা “আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থা (IUCN) ৰ ‘গুই বিশেষজ্ঞ দল’ (Monitor Lizard Specialist Group) ৰ এগৰাকী বিশেষজ্ঞ সদস্য ড° শ্ৰেয়া ভট্টাচার্যই এটি ভিডিঅ শুভেচ্ছা বার্তযোগে এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ কাৰণে অভিনন্দন জ্ঞাপন কৰে ৷
নিজৰ বক্তব্যত জটিল বিষয় এটা সহজবোধ্য ভাষাত জনপ্ৰিয় ৰূপত উপস্থাপন কৰাৰ প্ৰত্যাহ্বানক সফলভাৱে গ্ৰহন কৰি লিখি উলিওৱা এই গ্ৰন্থখন বিষয়ে ইতিমধ্যে ‘গুই বিশেষজ্ঞ দল’ৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চতো উপস্থাপন কৰা বুলি ড° ভট্টাচাৰ্যই জানিবলৈ দিয়ে ৷ গুইবোৰৰ বিচিত্ৰ আৰু ৰোমাঞ্চকৰ জগতখনৰ বিষয়ে সবিশেষ লিপিবদ্ধ হোৱা গ্ৰন্থখনলৈ পাঠক সমাজে সহাৰি জনাব বুলি লিখকে আশা প্ৰকাশ কৰিছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us